ভোটাধিকাৰৰ পৰা বঞ্চিত ব্যক্তিসকল : এটি চমু আলোচনা – নাছিৰ আহমেদ

ভোটাধিকাৰৰ পৰা বঞ্চিত ব্যক্তিসকল : এটি চমু আলোচনা
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
ভাৰতৰ লোকসভা বা ৰাজ্যসমূহৰ বিধানসভাৰ নিৰ্বাচন আহিলে এক বুজন পৰিমাণৰ ভাৰতীয় নাগৰিকে ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱা দেখা যায়। তাৰ ভিতৰত দেশৰ বিভিন্ন বৃদ্ধাশ্ৰমত চিৰস্থায়ী ভাবে বসবাস কৰা ককাদেউতা আৰু আইতাসকলে দেশৰ বিভিন্ন প্ৰান্তৰ দূৰদূৰণিৰ পৰা আহি দেশৰ চহৰ বা নগৰসমূহৰ বৃদ্ধাশ্ৰমত আশ্ৰয় লৈ থকাৰ বাবে তেওঁলোকে নিজৰ নিজৰ অঞ্চলত লৈ আৰ্থিক দুৰৱস্থা বা বাৰ্ধক্যজনিত কাৰণত ভোট দান কৰিবলৈ সক্ষম নহয়। দেশৰ অসংখ্য চহৰ বা নগৰসমূহৰ ফুটপাথত বসবাস কৰা আশ্ৰয়হীন সুস্থ মস্তিষ্কৰ ভাৰতীয় নাগৰিক সকলেও আৰ্থিক অক্ষমতা বা শাৰীৰিক ভাবে সক্ষম হোৱাৰ বাবেও ভোটাধিকাৰৰ পৰা বঞ্চিত হ’ব লগীয়া হয়। আমাৰ দেশৰ প্ৰায় ঘৰে ঘৰে অসংখ্য শাৰীৰিক ভাবে সক্ষম তথা চেৰিব্ৰেল পালছি ৰোগত  আক্ৰান্ত ৰোগীয়েও ভোট দান কৰিবলৈ সক্ষম নহয় । ভোটদান প্ৰক্ৰিয়া চলি থকাৰ সময়তো চৰকাৰী বা বেচৰকাৰী হাস্পতালত চিকিৎসাধীন হৈ থকা ৰোগী,অনাথ আশ্ৰমত বসবাস কৰা প্ৰাপ্তবয়স্ক যুৱক-যুৱতী, সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হৈ, বানবিধ্বস্ত তথা গৰাখহনীয়াত গৃহহীন হোৱা ব্যক্তিসকলে বা চৰকাৰৰ দ্বাৰা উচ্ছেদিত হৈ অস্থায়ী ভাবে শিবিৰত বসবাস কৰা ভাৰতীয় নাগৰিকসকলেও সুচল যোগাযোগৰ অভাৱত এই মৌলিক অধিকাৰৰ পৰা বঞ্চিত হয়। দেশৰ আভ্যন্তৰীণ শান্তি-শৃংখলা ৰক্ষা কৰা পুলিচ বিষয়াসকল আৰু দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে অনবৰতে চোকা নজৰ দিয়া সেনা বাহিনীয়ো ভোটাধিকাৰৰ পৰা বঞ্চিত হৈ আছে। সুদীৰ্ঘ সময় ধৰি বিদেশী ন্যায়াধীকৰণত (F. T. (Foreigner tribunal)  বিচাৰাধীন হৈ থকা সন্দেহজনক ভোটাৰ (D Voter) সকলেও বিদেশী বুলি প্ৰমাণিত নোহোৱাকৈ ভাৰতীয় নাগৰিকেও তেওঁলোকক সংবিধানে প্ৰদান কৰা ভোট দান অধিকাৰৰ পৰা আঁতৰাই ৰখা হৈছে।  এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কোনো কৰণীয় নাই নেকি?  বৃদ্ধাশ্ৰম, অনাথ আশ্ৰম, ফুটপাথ, বিভিন্ন অস্থায়ী শিবিৰত বসবাস কৰা ভাৰতীয় নাগৰিকসকলক   ভোট দানৰ অধিকাৰ সাব্যস্ত কৰাবলৈ শাসনাধিস্থ কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰে তেওঁলোকৰ মাজত গৈ ভোট গ্ৰহণ কেন্দ্ৰ তৈয়াৰ কৰি ভোট দানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব নোৱাৰে নে? দেশৰ পুলিচ বাহিনী, সেনা বাহিনী আৰু বিভিন্ন ভোটদান প্ৰক্ৰিয়াত জড়িত কৰ্মচাৰীসকলক অত্যাধুনিক ডিজিটেল পদ্ধতিৰ জৰিয়তে  চৰকাৰে ভোট দান কাৰ্য অনায়াসে পৰিচালনা কৰিব পাৰে।  বিদেশী ন্যায়াধীকৰণত বিচাৰাধীন হৈ থকা সন্দেহজনক ভোটাৰ সকলোকো ততাতৈয়াকৈ ৰায় দান কৰি হয় বিদেশী বুলি চিহ্নিত কৰি বহিষ্কাৰ কৰিব লাগে বা ভাৰতীয় বুলি গণ্য কৰি ভোটাধিকাৰ দান কৰিবলৈ সম্পূৰ্ণ সুযোগ লাগে। এক বুজন পৰিমাণৰ ভাৰতীয় নাগৰিকে ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱাৰ ফলত দেশৰ সুস্থ গণতান্ত্ৰিক ব্যৱস্থাত কালিমা পৰিছে। জনগণৰ ভোটৰ জৰিয়তে শাসন কাৰ্য লাভ কৰা গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি শ্ৰদ্ধা থকা কোনো গণতান্ত্ৰিক চৰকাৰে কেতিয়াও এজন ভাৰতীয় নাগৰিককো ভোট দানৰ পৰা বঞ্চিত কৰাৰ কোনো অধিকাৰ নাই।