ভোটগ্ৰহণৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ সুৰেন দৈমাৰীৰ

Pc MyNeta

ভোটগ্ৰহণৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ সুৰেন দৈমাৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভোটগ্রহণৰ প্ৰাকমুহূৰ্ততে কংগ্ৰেছ দলত এক গুৰুত্বপূৰ্ণ আঘাত পৰিল।৪৬ নং ওদালগুৰি বিধানসভা সমষ্টিৰ (সংৰক্ষিত) কংগ্ৰেছ দলৰ প্রার্থী সুৰেন দৈমাৰীয়ে আনুষ্ঠানিকভাৱে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। কেৱল প্রার্থিত্ব প্রত্যাহাৰেই নহয়, তেওঁ কংগ্ৰেছ দলো ত্যাগ কৰা বুলি জানিব পৰা গৈছে। দৈমাৰীৰ এই অপ্রত্যাশিত সিদ্ধান্তই কংগ্ৰেছৰ বৰঘৰ জোকাৰি গৈছে। ভোটগ্রহণৰ ঠিক আগমুহূৰ্তত ওদালগুৰি সমষ্টিৰ কংগ্ৰেছ প্রার্থীগৰাকীৰ এনে সিদ্ধান্তই কংগ্ৰেছৰ ভিতৰচ’ৰাত চলি থকা অচলাৱস্থাৰ কথাকে কার্যতঃ সূচোৱা বুলি বিবেচিত হৈছে। ইফালে সংবাদ মাধ্যমৰ আগত দলত্যাগৰ সন্দৰ্ভত দৈমাৰীয়ে কয় যে কংগ্রেছ বিশ্বাসঘাতক। টিকট দি মোক বিশ্বাসঘাতকতা কৰিলে কংগ্রেছে। মই ফোন কৰিলে কোনো গুৰুত্ব নিদিয়ে নেতৃত্বই। মই অকলে অকলে নির্বাচনী প্ৰচাৰ চলালোঁ। দলৰ পৰা কোনো সঁহাৰি নাপালোঁ। সেয়ে গুৱাহাটীত শীর্ষ নেতৃত্বৰ ওচৰত পদত্যাগ-পত্র দাখিল কৰিছোঁ। মোক দলে বিশ্বাসঘাতকতা কৰিলে, মই এতিয়াৰ পৰা কোনো দলৰ লগত নাই। মই কাকো বিশ্বাসঘাতকতা কৰা নাই। মোক দলে সঁহাৰি নিদিলে। ক্ষোভিত দৈমাৰীয়ে সংবাদ মাধ্যমৰ আগত লগতে কয় যে কংগ্রেছত থাকি মোৰ কোনো লাভ নহ’ল। কংগ্ৰেছ প্রবঞ্চক, গড্ডাৰ।