ভোটকেন্দ্ৰ পৰ্য়ায়ত টিকাকৰণৰ আঁচনি গ্ৰহণ 

pc- WebMD

ভোটকেন্দ্ৰ পৰ্য়ায়ত টিকাকৰণৰ আঁচনি গ্ৰহণ 

অনলাইন বাৰ্ত্তাসেৱা– কামৰূপ মহানগৰৰ সকলো লোককে কোভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্যৰে ভোটকেন্দ্ৰ পৰ্যায়ত টিকাকৰণৰ আঁচনি গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ দ্বাৰা প্ৰথম পৰ্যায়ত ভোটকেন্দ্ৰসমূহৰ অধীনৰ টিকাকৰণ নোহোৱা ভোটাৰসকলক প্ৰতিযেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। প্ৰথমে বুথ পৰ্যায়ত যোগ্য ভোটাৰসকলৰ মাজৰ পৰা টিকাকৰণৰ পৰা বাদ পৰাসকলক বাছি উলিওৱাৰ পাছতে তেওঁলোকক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা লোৱা হয়। এই বাদ পৰা লোকসকলৰ টিকাকৰণৰ বাবে বিশেষ কিছুমান ভোটকেন্দ্ৰ টিকাকৰণ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত মুঠ ২২৬ টা ভোটকেন্দ্ৰত টিকাকৰণৰ ব্যৱস্থা কৰা হʼব। এই ক্ষেত্ৰত সফলতা লাভৰ বাবে বি এল অʼ আৰু গাঁওবুঢ়াসকলকো সমস্ত প্ৰক্ৰিয়াটোত জড়িত কৰা হৈছে। বৰ্তামানলৈকে কামৰূপ মহানগৰ জিলাৰ ৪টা সমষ্টিৰ মুঠ ২,৪০,৯০৫ গৰাকী যোগ্য লোক এতিয়াও টিকাকৰণৰ পৰা বাদ পৰি ৰৈছে। মহানগৰীৰ বহু লোক স্থায়ী বাসিন্দা নোহোৱাৰ বাবে ১০০ শতাংশ টিকাকৰণৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হʼব লগা হৈছে। তদুপৰি বহিঃৰাজ্যত কৰ্মৰত বহুলোক পুনৰ নিজ কৰ্মস্থানলৈ উভতি যোৱাতো কিছু সমস্যাহৈছে। ৩১ আগষ্টৰ পূৰ্বে ১০০ শতাংশ টিকাকৰণ কেন্দ্ৰৰ তালিকা প্ৰস্ত্তত কৰি এই তালিকা সামাজিক মাধ্যমযোগে সকলো লোকৰ বাবে সহজলভ্য কৰাৰ বাবেও ব্যৱস্থা লোৱা হৈছে। তদুপৰি QR Code স্কেন কৰিও এই তথ্য লাভ কৰিব পাৰিব মহানগৰীৰ বাসিন্দাসকলে। ইয়াৰ লগতে google Mapৰ http://www.google.com/maps/d/edit?mid=1dNiYjWSbcG20z1div40/ghlkmrxg5dW73&usp=sharing লিংকৰ জৰিয়তেও সংশ্লিষ্ট কেন্দ্ৰসমূহৰ সবিশেষ জানিব পৰা যাব।

(RT.)