ভোগৰ ভোকত আইৰ বুকু জ্বলে
আয়নাল হক, ধুবুৰী
উস্
ভোগৰ ইমান স্পৃহা !
কেতিয়াও যেন শেষ নহ’ব
তেওঁলোকৰ এই লালসা ।
অন্তহীন ভোকত
তেওঁলোকে নিৰ্দয়ভাৱে
আইৰ বুকু উদং কৰে।
ভৱিষ্যৎ প্ৰজন্মক অন্ধকাৰলৈ ঠেলি
তেওঁলোকে সাজিছে মৃত্যুৰ কবৰ,
ক্ষমতাৰ ৰাগীত মতলীয়া হৈ
পাহৰিলে আইৰ স্বাভিমান, নিজৰ সংস্কাৰ।
সম্পদেৰে ভৰপূৰ
শ্যামলী বুকুখন কুৰুকি কুৰুকি
তেওঁলোকে নাইকিয়া কৰিছে
আইৰ চকুৰ টোপনি।
এতিয়া
এনে কু-সন্তানৰ অত্যাচাৰত
আইৰ বুকুত জ্বলিছে জুই
কেনেকৈ নিৰ্বাপিত হ’ব বাৰু
তেওঁলোকৰ ভোকৰ লেলিহান জুই ?
জনতাক অনিশ্চিত ভৱিষ্যতৰ বাবে আগবঢ়াই
ভোকাতুৰহঁতে বোৱাইছে ভোগৰ নৈ।
তেওঁলোকে দেখা নাইনে
এনে ভোক বাসনাই
কেনেদৰে আইৰ বুকুত জ্বলাইছে জুই ?