ভোগেশ্বৰ বৰুৱাদেৱলৈ শুভেচ্ছা বাণী- স্বাগতা বৰুৱা গোস্বামী

pc- Northeast Now

ভোগেশ্বৰ বৰুৱাদেৱলৈ শুভেচ্ছা বাণী

অসমৰ এটি উজ্জ্বল নক্ষত্ৰ, যাৰ কান্তিয়ে পোহৰাই ৰাখে অসমবাসীক।যিজনৰ পৰিচয়েৰে অসমবাসীয়ে নিজকে বিশ্ব দৰবাৰত চিনাকি দিব পাৰে।তেনে এজন প্ৰাতঃস্মৰণীয় ব্যক্তিৰ আজি ওপজা দিন।তেখেতে হ’ল আমাৰ শ্ৰদ্ধাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা।এই মহান ব্যক্তিজনৰ জন্ম হয় ৩ছেপ্টেম্বৰ ১৯৩৭চনত শিৱসাগৰত।পিতৃ ভদ্ৰেশ্বৰ বৰুৱা আৰু মাতৃ আইকণ বৰুৱা।এই আইকণ বৰুৱাৰ ঔৰসতে জন্ম লাভ কৰে এই মহান ব্যক্তিজনে।ক্ৰীড়া জগতখনলৈ আছে তেখেতৰ অনবদ্য অৱদান। এথলেটিকছেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া জীৱন আৰম্ভ কৰা বৰুৱা দেৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা পৰ্যায়তে পদক বুটলিবলৈ সক্ষম হৈছিল।ভোগেশ্বৰ বৰুৱাই আছিল প্ৰথম অসমীয়া যিজনে ১৯৬৬ চনত বেংককত অনুস্থিত হোৱা এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰি স্বৰ্ণপদক লাভ কৰি মাতৃভূমিলৈ গৌৰৱ কঢ়িয়াই আনিছিল।সেই একেটা বৰ্ষতে তেখেতলৈ আগবঢ়াইছিল ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান অৰ্জুন বটাঁ। ১৯৭০ চনত পুনৰবাৰৰ বাবে এছিয়ান গেমছত অংশলৈ দ্বিতীয় স্থান দখলেৰে ৰূপৰ পদক লাভ কৰিছিল। দৌৰবিদ হিচাপে প্ৰতিষ্ঠা লাভ কৰা বৰুৱা দেৱক ক্ৰীড়া ক্ষেত্ৰৰ আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই তেখেতৰ জন্ম দিনটো ১৯৮৬ চনৰ পৰাই অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে। “অভিৰুচি”নামৰ এখন ক্ৰীড়া আলোচনীৰ উদ্যোগত। এই দিৱসৰ মূল শ্লগান হ’ল “সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ দেশৰ সম্পদ”।এই দিনটোত অসমৰ ক্ৰীড়া ক্ষেত্ৰত দক্ষতা প্ৰদৰ্শন কৰা খেলুৱৈ সকলক আৰু উদীয়মান খেলুৱৈ সকলক সন্মান জনোৱা হয়।অসম চৰকাৰেও তেখেতৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে। তেখেতৰ এই বিশেষ দিনটোত আমি ৰঙিলী বাৰ্ত্তাৰ তৰফৰ পৰা তেখেতক ওপজা দিনৰ বহুত বহুত শুভেচ্ছা জনাই নেদেখা জনৰ ওচৰত তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো।

স্বাগতা বৰুৱা গোস্বামী