ভোগালী
শিখা ৰাণী দাস, গোৰেশ্বৰ
পুৰণিকলীয়া নিভাঁজ নিয়মৰ
বান্ধোন ভোগালী…
য’ত স্মৃতিৰ বন্যাই আৱৰি ৰাখে
সংস্কৃতি , আন্তৰিকতা…
সকলোকে মধুৰ আবেগেৰে
বান্ধি ৰাখি মিলা-প্ৰীতিৰে
ভোগ কৰে ভোগালীৰ প্ৰীতি ভোগ…
হিমচেঁচা শীতৰ সেমেকা দিনৰ
অৱসাদ আঁতৰাই ভোগালীয়ে আনে
মেজিৰ একুৰা পবিত্ৰ জুই ..
যি অগ্নিত বিলীন হৈ যায় বিষাদবোৰ,
ৰঙীন হৈ পৰে জীৱনৰ গতি..
এনেদৰেই ভোগালীয়ে জীয়াই ৰাখিছে,
ৰাখি আহিছে,আগলৈও ৰাখিব
আদিমপুৰুষীয়া পৰম্পৰা…
য’ত অসূয়া-অপ্ৰীতিবোৰ আঁতৰি
ভেদাভেদহীনভাৱে সকলোৱে ,
হেঁপাহৰ বিহুটি উদযাপন কৰ;
ভালপোৱাৰ একতাৰ এনাজৰীৰে,
আনন্দৰে , ভোগ -প্ৰাচুৰ্যৰে….।
