ভোগালী
লখিমী শৰ্মা, যোৰহাট
ভোগালী বিহু অসমীয়া চহা জীৱনৰ
আটাইতকৈ সমৃদ্ধিশালী এক উৎসৱ ,
সংগ্ৰামী কৃষকৰ ঘামে অঁকা
এখন আশা , উদ্যম আৰু সমৃদ্ধিৰ
সোণবৰণীয়া ছবি ।
সম্প্ৰীতি – ভ্ৰাতৃত্ববোধৰ অটুত বান্ধোন এই ভোগালী
মেজিৰ অগ্নিৰ উত্তাপত উদযাপিত জীৱনৰ মধুৰতম ক্ষণ এই ভোগালী ,
এইবাৰ ভোগালীত মেজিৰ জুই
আগতীয়াকৈ দাও দাওকৈ জ্বলি উঠিব !
হেঁপাহৰ ঘৰটো চকুৰ পচাৰতে
ধোঁৱাৰ কুণ্ডলিত উৰিব সতকাই ।
লগতে চকুলোৰ বাষ্পলৈ ,
উফৰিব ফিৰিঙতি , জ্বলিব সপোন
দগ্ধ হ’ব দেহাটো জীয়াই !
স্নেহৰ বান্ধোনেৰে ৰঙীণ হৈ পৰক
এই ভোগালীৰ ক্ষণ চোৱা ।
মেজিটো আগুৰি ধৰি দুষ্কৃতিকাৰীয়ে
দিয়ে চোৱা তাণ্ডৱ নাচোন ,
কাৰ বাবে , কিহলৈ ভোগালীক আদৰো বাৰু
কাষত যে পোনাকণ নাই ,
পোনাকণ আছেগৈ সূদুৰ দূৰত !
সান্দহ খুন্দিবলৈ ঢেঁকীও যে নাই
গিৰিহঁতো ক’ৰবাত আছেগৈ পলাই
জীৱনৰে নিশ্চয়তা নাই ।
হঠাৎ জোকাৰ , আজি উৰুকা দেউতা
তৎক্ষণাত আইজনীৰ চিঞৰ !
ব’লা হাটলৈ যাওঁ ,
চেঁচা উলাহত মোনাটো উঠিল হাতত
জীৱনৰ গাড়ীখন চলিব নিশ্চয় !
মাছ বা পাওঁ নে নাপাওঁ ?