ভোগালী ভোগজৰা
দিপ্তী মনি গোস্বামী, লখিমপুৰ
আঘোণৰ সোণোৱালী পথাৰখন উকা কৰি সোণগুটিহঁত লখিমী হৈ গৃহস্থৰ ভড়ালত অৱসৰ বিনোদনত ব্যস্ত হৈ পৰাৰ সময়তেই পুহৰ ঠেৰেঙাত কুঁৱলীৰ সৈতে সখী পাতি সুৰুযে উত্তৰায়ণলৈ গতি কৰি ধৰাধামত জাননী দিয়ে ভোগালী ভোগজৰা মেটমৰা সম্ভাৰেৰে আহি আছে মেজিৰ পৰশ ল’বলৈ আমাৰ মাজত ঐক্য সম্প্ৰীতি সমন্বয়ৰ সাঁকো গঢ়িবলৈ বুলি। হয় ,ভোগালী অহা মানেই দুগুণ ব্যস্ততাৰ পয়োভৰ। কাঁচি আৰু ধানৰ পাতে কটা হাত ভৰিবোৰকো আওকাণ কৰি জীয়ৰী বোৱাৰীহঁতে ব্যস্ত হৈ পৰে নানা জা-জলপান, পিঠা-পনা তৈয়াৰ কৰা কামত । কাৰণ মাঘ যে ভোগালী, সকলোৱে খেতি পথাৰৰ পৰা আজৰি হৈ মিতিৰ কুটুম্বৰ ঘৰত এপাক মৰা হাঁহে কোমোৰাই এসাঁজ তৃপ্তিৰে খাই এজনে আনজনৰ হৃদয়ৰ বাৰ্তা লোৱা ইত্যাদিৰ । এই সময়ত গিৰিহঁতৰ ঘৰত সু-স্বাদু ব্যঞ্জণ আৰু পিঠা পনাৰে সৈতে জা জলপানেৰে আপ্যায়িত কৰাটো এক সুন্দৰ সংস্কৃতিৰ চানেকি। সেয়ে জীয়ৰী বোৱাৰীহঁতে দিন ৰাতি একাকাৰ কৰি ভোগালীক আদৰাৰ প্ৰস্তুতি কৰে। সেই পুহ মাহৰ শেষৰ সময়খিনি তেওঁলোকৰ টোপনি ও কমি যায়, সেয়ে কুকুৰাৰ ডাকৰ আগতেই উঠি ঢেকীত ধানৰ অনা দিব পাৰে। ঢেকীৰ চাবত বঢ়নীৰ চেৱত তেওঁ লোকে সপোন দেখে কল্পনা বিভূৰ হয় নিজৰ নিজৰ হৃদয়ৰ অনুভূতি লৈ। গাওঁ খনৰ চুবুৰীয়াৰ সৈতে যেন এক অঘোষিত প্ৰতিযোগিতাত নামে , কাৰ ঘৰৰ ঢেকী কিমান সোনকালে বাজে আৰু কোনে কিমান ধানৰ চিৰা পিঠা খুন্দে ,কোনে কিমান বিধৰ পিঠা বনাব পাৰে ইত্যাদি ইত্যাদি।উৰুকাৰ দিনা খন জীয়ৰী বোৱাৰীহঁতক অধিক সক্ৰিয় হ’বলৈ ভগৱানে শক্তি প্ৰদান কৰে। দিনৰ দিনটো কাপোৰ ধুই ঘৰ সাৰি মুচি আজৰি হৈ আকৌ ভেলা ঘৰত আয়োজন কৰা ভোজ-ভাতৰ যা-জোগৰ কৰি খাই-বৈ, ধুই-পখালি লাহেকৈ আৰম্ভ কৰে পিঠাৰ খোলা। পিঠাৰ খোলা সামৰি কাণিমুণি পৰত লাহেকৈ বাৰীৰ লাগনি গছত মাঘ বন্ধা পৰম্পৰা টো ৰক্ষা কৰি চোতাল খন সাৰি গাটো তিয়াই অকনমান সময় মেজিৰ উত্তাপত দেহাটো সতেজ কৰি আৰম্ভ কৰে মাহ কড়াই ভজা আৰু আলু সিজোৱাৰ পৰ্ব। তাৰপিছত লাহেকৈ ঘৰৰ সদস্য সকলক চাহ জলপান দিয়াৰ পৰ্ব আৰম্ভ হয়েই। ইমান খিনি কষ্ট ত্যাগেৰে আদৰণি জনায় ভোগালী ভোগজৰাক।তথাপিও মুখত ফুটি নুঠে নাম মাত্ৰ ক্লেশৰ চিন। এনে ধৰণেই পাৰ হৈছিল সেই সোণসেৰিয়া সময়ৰ ৰোমাঞ্চকৰ দিনবোৰ।এতিয়া “ৰামো নাই অয্যোধ্যাও নাই” দৰে আহি পৰিল সময়বোৰ। আজিৰ প্ৰজন্মৰ কেইজনে নো ভোগালী ভোগজৰাক আদৰাৰ প্ৰস্তুতি তুঙ্গত উঠাই? অসমীয়াৰ স্বভিমান যা-জলপান বা পিঠা পনাবোৰ আজি কালি কিমানে খায়? লৰা-ছোৱালীবোৰে দেখিলেই মুখ কোঁচাই! জীয়ৰী বোৱাৰীহঁতে বিহুৰ আয়োজন কৰিবলৈ সময়ৰো অভাৱ,কাৰণ সমস্ত সময়খিনি হাতত থকা স্মাৰ্ট ফোনটোৱে খাই পেলায়! সাতামপুৰুষীয়া ঢেকীটোতো কেতিয়াবাই এলাগী হৈ চিন চাব নোহোৱা হ’ল! আজি কালি ল’ৰা ছোৱালীক ঢেকী দেখুৱাবলৈ হ’লে কোনোবা মিউজিয়ামলৈ নিব লাগিব! নতুন প্ৰজন্মৰ বহুতো ল’ৰা ছোৱালী য়ে হয়তো বহুত পিঠা চিনিয়েই নাপায় ।অনাগত সময়লৈ হয়তো ভোগালীক আদৰাৰ প্ৰস্তুতি ধোঁৱাচাঙত হে উঠিব । কাৰণ , বৰ্তমানৰ প্ৰজন্মই এদিন ভৱিষ্যত হ’ব। এতিয়া তেওঁ লোকে দেখিছে কি? বিহুৰ আগদিনা মানে উৰুকাৰ দিনা অভিভাৱকে বজাৰলৈ গৈ পিঠা আৰু জলপানৰ পেকেট এটা কিনি অনা, অনুস্থূপিয়াকৈ বিহু উদযাপন কৰা।কিছু সকলৰ অনেক অসুবিধা আজৰিৰ অভাৱ সেই সকলে তেনে কৰাতো স্বাভাৱিক কিন্তু, সুবিধা থকা সকলৰো বহুতে তেনে ৰাষ্ট্ৰা লোৱাটো সঁচাকৈ বৰ অসহনীয়। বিহু বুলি সৰুৰে ডাঙৰক গৈ সেৱা এটা জনাই আশীৰ্বাদ লোৱা পৰম্পৰাটো একেবাৰেই অপৰিচিত দৰেই কিছুমান ৰ কাৰণে । (অৱশ্যে এই পৰম্পৰা ঠাই বিশেষে এতিয়াও পূৰাদমে চলি আছে) । বৰা চাউলৰ আঠা ঠিকেই আছে কিন্তু, আজিৰ প্ৰেক্ষাপটত মানুহৰ মাজত সম্পৰ্ক সম্বন্ধৰ আঠাবোৰ একেবাৰেই নিশকতীয়া হৈ পৰিছে । আত্মীয়তাবোৰ অলংকৰণ কৰিবলৈ আজিৰ বিহুৰ দিনত গৃহস্থৰ ঘৰ ভৰ্তি থৈ থকা পৰম্পৰা টো লুপ্ত প্ৰায় দৰেই। ভোগালীৰ আগমনত নষ্টালজি হৈ পৰো পুৰণি দিনৰ স্মৃতি সোঁৱৰি। মানস পটত সজীৱ হৈ আছে সেই সোণসেৰীয়া দিনবোৰ সময়বোৰ!