ভোগালী বিহুৰ বতৰত- এছ,ইছলাম, শিক্ষক, পশ্চিম মইনবৰী,বৰপেটা 

P.C facebook
ভোগালী বিহুৰ বতৰত
****************
ভোগালী বিহুৰ বতৰত
শুনিলে ঐ পেঁপাৰ মাত
শিঁহৰণ জাগে মোৰ গাত
উতলা যৌৱন তাত।
ঢোলৰ ছেৱে ছেৱে নাচনীৰ নাচ
এয়া স্বৰ্গীয়া অপেস্বৰাৰ সাঁচ
অসমীয়া ডেকা-গাভৰুৰ দল
বুকুত বান্ধিছে অপাৰ বল।
নাৰিকলৰ লাৰু সনা
তিলৰ পিঠা সান্দহপনা
ভেলাঘৰ সাজিছে পথাৰত
সেয়ে আজি তৎ নাই মোৰ গাত ।
মহ যুঁজ, গৰু যুঁজ আৰু কণী যুঁজ
উৰুকাৰ দিনাই আমাৰ মহা ভোজ
সবে মিলি খাবলৈ বৰ আমেজ
তাতেই  আছে কুকুৰা যুঁজ।
অসমীয়াৰ নাই জাত-পাত
ভোগালীৰ ঐ বিহুটিত
বিহু আমাৰ সাতামপুৰুষীয়া
ভোগলী বিহু আমাৰ চিৰ কলীয়া ।