অণুগল্প
ভোক
যমুনা দুলু বৈশ্য, শুৱালকুছি
কোনো নোহোৱা ল’ৰাটি ৰাতি সিহঁতৰ কাষৰ ভঙা পজাঁটিলৈ শুৱ আহে । আকৌ ৰাতিপুৱা ওলাই যায় একো নোখোৱাকৈ ।সিহঁতে বিস্কুট কেতিয়াবা মুৰীৰ লাৰু থাকিলে দিয়ে । বেচিকৈ সহায় কৰিব পাৰিলে মনটৈ ভাল হয় ।পিছে সিহঁতৰে নাই । তাৰ দুখ দেখি এক অবুজন শোকে বুকুত খুন্দা মাৰে তাইৰ ।কেতিয়া আহে চাই থাকে অধীৰ আগ্ৰহেৰে অহালৈ ।তাই দেখিলে লেতেৰা-জাৱৰ পেলোৱা পাত্ৰতো সি কিবা বিচাৰি আছে সি ভোকতে একো নেপায় , ওচৰতে এজনী মহিলাই বিলাসী পোহনীয়া বিলাতী কুকুৰটোক নাখালেও জোৰ কৰি খুৱাব চেষ্টা কৰি থকা গৰাকীক হাত মেলাত তাক খং কৰি ক’লে যা ইয়াৰ পৰা ।