ভোকাতুৰ সি ডাষ্টবিনৰ সন্তান
জ্যোতিস্মিতা বৰা
মধুপুৰ ,যোৰহাট
জীৱন দগ্ধ বাসনাৰ নিষ্ঠুৰ হৃদয়
জ্বলন্ত অগ্নি শিখাৰে গঢ়া ,
মগজু বিসংগতি সম জীয়া শিলৰ হৃদয়
সন্তানক কৰিলে ডাষ্টবিনৰ আৱৰ্জনা।
হায় মানৱতাহীন জীৱ?
তহঁতেতো আছিলি কাৰোবাৰ
স্নেহৰ পাপৰি!
কি ভুল কৰিলে এই পুষ্প দেৱলতাই
লেলিহান শিখাত পেলালি
বুকু উদং কৰি।
তহঁতৰ এই বৃহৎ বঙলাত
এটুকুৰা ঠাইৰ অভাৱ,
বিহ্বলতাৰ অন্তিম তাৰণাত।
আজি সি ভোকাতুৰ হৈ পৰি ৰৈছে,
বিচাৰিছে কোমল আশ্ৰয়,
চাদৰৰ আঁচলত মূৰ ঢাকি শুৱাৰ
প্ৰবল ইচ্ছা আছিল তাৰ হৃদয়ত।
বৰষুণজাকৰ লগে লগে দৌৰিছে সি
পিছে পিছে এজাক বলিয়া কুকুৰ….
চিন্তা নাই , সন্ধ্যা হ’লেই জিৰাব সি
কৃষ্ণচূড়াৰ বুকুত।
ক’ৰবাৰ পৰা ভাঁহি আহে
নৰখাদকৰ খিলখিল হাঁহি,
ডাষ্টবিনৰ পুত্ৰক পাগল হোৱা দেখি
সিহঁতে লভিছে জীৱন্তে শান্তি!
হায় শান্তি ক’ত!
আদিমতাৰ ধোঁৱা চাঙত,
নে আধুনিকতাৰ কৰাল গ্ৰাসত?
আশ্ৰয় দেখোন সি আজিও নাপালে,
ইষ্টান্তিকতাই পৰিধি হেৰুৱালে।
হয় বৰষুণে নেখেদিলে
দোকানখনৰ সন্মুখত ৰওঁতে,
কিন্তু মানুহৰ মুখৰ জুইবোৰ উফৰি আহিলে,
তিতি থকা শৰীৰ ভষ্ম কৰিবৰ বাবেও
সেই জুই যথেষ্ট আছিলে..!
বাটৰ কাষৰ ডাষ্টবিনটোলৈ
ভোকাতুৰ হৈ দৌৰি গ’ল
শেষ হৈ গ’ল,
গাড়ীখন তীব্ৰ গতিৰেই পাৰ হৈ গ’ল
বিভীষিকাৰ গ্লানিও অন্ত হ’ল।
শুনা পালে সি পৰম মঙ্গলময় শব্দ
জীৱন আশ্ৰয়,
স্বৰ্গৰ পাৰিজাত যেন হৈ ফুলি ৰয়,
আত্মাও আজি ভোকাতুৰহৈ সেই
ডাষ্টবিনৰ ওচৰতে ৰয়।