ভোগালীৰ আনন্দ
ভোগালী পালেহি আহি
মনত আনন্দ,
ভেলাঘৰ সাজে সৱে
নিজৰ পছন্দ৷
লগে-ভাগে মিলিজুলি
হেঁপাহ খোৱাৰ,
সকলোৱে কৰে সেয়ে
খোৱাৰ যোগাৰ৷
ঢলপুৱাতে মেজি জ্বলাই
অগ্নিক কৰি সেৱা,
মাঘ বিহুত মজা লাগে
যিমান পাৰি খোৱা৷
কাঠ আলু, ৰঙা আলু
আৰু আলু মোৱা,
মেজিৰ কাষত বহি লৈ
হেঁপাহ পলুৱাই খোৱা৷
পিঠা-পনা, জা-জলপান
উভৈনদী হয়,
গোটকৰাই নাখালে বোলে
গাহৰি জনম লয়৷
জ্যেষ্ঠজনক সেৱা কৰি
আশীৰ্বাদ লয়,
গোটেই বছৰ হওক
জয় জয় ময় ময়৷
-অৰুণা গোস্বামী
তিতাবৰ