ভেলেন্টাইন দিৱস কিয় উৎযাপন কৰা হয় – ৰাজশ্ৰী শৰ্ম্মা

ভেলেন্টাইন দিৱস কিয় উৎযাপন কৰা হয়

ৰাজশ্ৰী শৰ্ম্মা
গোলাঘাট, বনগাঁও

ভেলেন্টাইন দিৱস ১৪ ফেব্ৰুৱাৰীত পালন কৰা প্ৰেমৰ দিৱস। এই দিৱস বছৰৰ দ্বিতীয় মাহ ,ফেব্ৰুৱাৰী মাহত ইয়াক পালন কৰা হয়। এই দিনটো এটা পৱিত্ৰ প্ৰেমৰ দিন হিচাপে সমগ্র বিশ্বতে পালন কৰা হয়।

ছেইণ্ট ভেলেণ্টাইন দিৱস সাধাৰণতে চমুকৈ ভেলেন্টাইন দিৱস হ’ল এজন বা ততোধিক খ্রীষ্টিয় শ্বহীদ ছেইন্ট ভেলেণ্টাইনৰ নামত উচৰ্গিত দিন। আদিতে কেইবাজনো খ্রীষ্টিয় শ্বহীদক ছেইন্ট ভেলেন্টাইন নামেৰে নামকৰণ কৰা হৈছিল। ১৪ ফেব্ৰুৱাৰী তাৰিখত সন্মান জনোৱা সকল হৈছে ৰোমৰ ভেলেন্টাইন (Valentinus presb. m. Romae) আৰু টাৰ্ণিৰ ভেলেণ্টাইন (Valentinus ep. Interamnensis m. Romae). প্রায় ২৬৯ খ্রীষ্ট পূর্বাব্দত খ্রীষ্টিয় পুৰোহিত ৰোমৰ ভেলেণ্টাইন গৰাকীক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয় আৰু তেওঁক ভায়া ফ্লেমিনা নামে ঠাইত কবৰ দিয়া হয়।

বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে ইয়াক এটা পৱিত্ৰ প্ৰেমৰ দিন হিচাপে সমগ্র বিশ্বতে পালন কৰা হয়। এই দিনটোত প্রেমিক-প্রেমিকা সকলে নিজৰ প্ৰিয়জনক ফুলৰে, মিঠাই বা মৰমৰ বাৰ্তাৰে (ভেলেণ্টাইন বার্তা) সম্ভাষণ জনায়। এই দিনটো, উচ্চ মধ্য যুগৰ জিও’ফ্ৰি চাওঁচাৰ (Geoffrey Chaucer)ৰ চক্ৰৰ লগত ৰাজকীয় প্ৰেমৰ পৰম্পৰাৰ জয়জয় ময়ময়ৰ সময়তে, প্ৰথম বাৰৰ বাবে ৰোমাণ্টিক প্ৰেমৰ লগত সাঙোৰ খাই পৰে। এই দিৱসটো প্ৰথম বাৰৰ বাবে প’প গিলাচিয়াছে ৪৯৬ খ্রীঃ পূঃ ত প্ৰতিষ্ঠিত কৰে আৰু ইয়াক পিছত ১৯৬৯ চনত চতুৰ্থ প’প প’লৰ দ্বাৰা সাধাৰণ ৰোমান দিনপঞ্জীৰ পৰা আঁতৰাই দিয়া হয়।

হৃদয়ৰ আকৃতিৰ পৰিসীমা, কপৌ আৰু ডেউকা থকা কিউপিডৰ ছবিক, আধুনিক ভেলেণ্টাইন দিৱসৰ প্রতীক হিচাপে গণ্য কৰা হয়।  ভেলেন্টাইন দিৱসৰ লগত বহু কেইটা পূৰণি আখ্যান জৰিত হৈ আছে।

*দেবদাস আৰু পাৰু
ভাৰতৰ লগতে পৃথিৱীৰ অন্য কিছুপ্রান্তটো এই কাহিনী জনপ্রিয়। বাংলা ভাষাৰ সাহিত্যিক শৰৎ চন্দ্ৰ চট্টোপধ্যায়ে এই কাহিনীটোৰ ৰচনা কৰিছিল।

*ছাহজাহান আৰু মমতাজ

১৬১২ত আর্জমুণ্ড বানু নামৰ এগৰাকী কিশোৰী মোগল সম্রাট ছাহজাহানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। মমতাজ ছাহজাহানৰ সকলোতকৈ প্রিয় পত্নী আছিল কিন্তু মমতাজৰ অকাল মৃত্যু ঘটাত পত্নীৰ মৃত্যু চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে ২০০০০ কর্মী, এহেজাৰ হাতী আৰু সুদীৰ্ঘ ২০ বছৰ কাল ব্যয় কৰি তাজমহল নির্মাণ কৰি উলিয়াইছিল। ছাহজাহানৰ মৃত্যুৰ পাছত তেওঁৰ নিজ ইচ্ছা অনুসৰি তাজমহলত থকা মমতাজৰ কবৰৰ কাষতেই কবৰ দিয়া হয়।

*ছেলিম আৰু আনাৰকলি

মোগল সম্রাট আকবৰৰ পুত্ৰ ছেলিম আৰু আনাৰকলি নামৰ এগৰাকী সাধাৰণ নৰ্তকীৰ মাজত হোৱা এটা প্ৰেমৰ সম্বন্ধৰ আঁত ধৰিয়েই এই কাহিনীটো লিখা হৈছে।

*ৰোমিঅ’ আৰু জুলিয়েট

‌‌নাট্যকাৰ উইলিয়াম শ্বেইকছপীয়েৰে নাট্যৰূপ দি এই ঐতিহাসিক কাহিনীটো সমগ্র বিশ্বতে জনপ্ৰিয় কৰি তুলিছিল। এই প্রেম কাহিনীটোৰ দুয়োগৰাকী নায়ক নায়িকাই তেওঁলোকৰ কৈশোৰতে পৰস্পৰে পৰস্পৰৰ প্ৰেমত পৰে, আৰু পাছত বিবাহপাশটো আবদ্ধ হয়। ৰোমিঅ’ আৰু জুলিয়েটৰ দুয়োটা পৰিয়ালৰ মাজত শত্রুতা থকা বাবে এই প্ৰেমৰ বান্ধোনত প্ৰাচীৰ হিচাপে থিয় দিয়ে। সকলো বাধাৰ সৈতে যুঁজি যুঁজি অৱশেষত ৰোমিঅ’ আৰু জুলিয়েটে কৰুণ মৃত্যুক সাৱটি লয়। দুয়োটি কিশোৰৰ কৰুণ মৃত্যুৱে দুয়োটা পৰিয়ালৰ শত্রুতাক বিনাশ কৰি প্ৰেমৰ বান্ধোনেৰে বান্ধ খাবলৈ অনুপ্রাণিত কৰে।

*মেৰী আৰু পীয়েৰ কুৰী

এই সঁচা কাহিনীটো প্ৰেম আৰু বিজ্ঞানৰ কাহিনী বুলিও কোৱা হয়। ১৯০৩ চনত পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা লাভ কৰা এইহাল প্রেমিক প্রেমিকাক লৈ লিখা এই কাহিনীটো ইংলেণ্ডত সবাটোকৈ জনপ্রিয়।

*লায়লা মজনু

পাৰস্যৰ মধ্যযুগৰ এজন কবি জামি নুরুদ্দিন আব্দুৰৰেহমান 4 য়ে ‘লায়লা মজনু’ নামেৰে এটা ৰোমাণ্টিক কবিতা লিখিছিল। প্রকৃততে এই কাহিনী এক আৰবী আখ্যান আছিল।

*কিঅ’পেট্ৰা আৰু মার্ক এন্টনী

এই কাহিনীটো নাট্যকাৰ উইলিয়াম শেক্সপীয়েৰে সৃষ্টি কৰিছিল।

*লেন্সলট আৰু গুনিভেৰ

সম্রাট আৰ্থাৰৰ কাৰ্যকালত বিভিন্ন কাহিনী প্রচলিত হৈ আছে এই কাহিনীটের তলে এটা জনপ্রিয় কাহিনী।

*ট্ৰীষ্টান আৰু ইছল’ড

*পেৰিছ আৰু হেলেনা

এই কাহিনীটো হোমাৰৰ ইলিয়াডৰ অন্তৰ্গত।

*জংকী পানেই

এই কাহিনীটো উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ “মিৰি জীয়ৰী” নামৰ বিখ্যাত অসমীয়া উপন্যাসৰ অন্তর্গত। অসমত এই প্রেম কাহিনীটো জনপ্রিয়।

প্রেমে মানুহক জীয়াই থকাৰ প্ৰৰণা দিয়ে। বিশ্বাসেই হ’ল প্ৰেমৰ মূল বিন্দু। প্ৰেম জীৱনৰ শ্রেষ্ঠ অনুভৱ। কিন্তু প্রেম মানেই বিবাহ নহয়। প্রেম মানেই দৈহিক মিলন নহয়। প্রেম হৃদয়ৰ গোপন কথাৰ পৰা নিৰ্গত হোৱা সুমধুৰ সংগীত। পৃথিৱীৰ সৰ্বশ্রেষ্ঠ সংগীত তৰংগ। প্ৰেমক কোনো ভাষাৰে প্ৰকাশ কৰা সম্ভৱ নহয়। প্রেম আত্মাৰ আজন্ম সহযাত্রী।

প্ৰেম চিৰকালেই স্বয়ংসম্পূর্ণ। প্ৰেমৰ অনুভৱেই নিংসগ সময়ক সংগীতময় কৰি তোলে। আত্মাৰ সতে আত্মাই কথা পাতে। সেয়ে যান্ত্ৰিকতাৰ যুগত এই দিৱসৰ খুবেই প্ৰয়োজন।