“ভেলেন্টাইন ডে” ৰ প্ৰেম বনাম শাশ্বত প্রেম – সুনম বিশ্বাস

PC - The Pioneer Woman

ভেলেন্টাইন ডে” ৰ প্ৰেম বনাম শাশ্বত প্রেম

সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ

প্রেম এক স্বর্গীয় অনুভূতি । ই যেন অনাদি কালৰ চিৰপ্ৰৱহমান সোঁত । আমি প্ৰত্যেকেই যেন এবাৰ হ’লেও নিলীমনেত্ৰে প্ৰেমৰ হিমগিৰিত বদ্ধপদ্মাসনে ধ্যানত মগ্ন হও । ক্ৰন্দসী বিয়পি আত্মতুষ্টিত ধন্য হ’বলৈ ।  আমি সকলোৱে প্ৰেমৰ ভোকাতুৰ । ই এক স্বতঃস্ফূর্ত অনুভূতি সকলোৰে অন্তৰত প্রেমে এবাৰ হ’লেও দোলা দি যায় । অজানিতেই আমি প্ৰেমত পৰো, সেয়া লাগিলে মানুহৰেই হওক বা আন কোনো বস্তুৰ;  ই শাশ্বত, চিৰন্তৰ। অক্লান্ত প্রেম ভালপোৱাৰে জগত জিনিব পাৰি, হেৰাই যোৱা জীৱনেও মোহপাশৰ শিকলি চিঙি নিঃসংগতাক চিৰসংগী কৰি লোৱা লোকো প্রেমাস্পর্শত প্ৰাণ পাই  উঠে,  প্রচণ্ড শীতৰ কোপত  লঠঙা হোৱা বৃক্ষও  বসন্তৰ প্ৰেমাস্পৰ্শত জীপাল হৈ উঠে, আনন্দমনে  কুঁহিপাতে সেউজীয়া আৱৰণ পিন্ধে । প্ৰেমৰ কোনো নিৰ্দিষ্ট বয়স, পাত্ৰ বা দিন ধাৰ্য কৰা নাথাকে । শান্ত – সৌম্য, উত্তুঙ্গ পৰ্বতশ্ৰেণীৰো প্ৰেমত পৰিব পাৰোঁ অথবা প্ৰশান্তৰ শীতল জলৰাশি আনকি শুষ্ক ধূলিময় মৰুভূমিও কেতিয়াবা প্ৰগাঢ় প্ৰেমৰ স্থান অধিগ্ৰহণ কৰিব পাৰে, সেয়া সমুলঞ্চে উলাই কৰিব নোৱাৰি । কাৰোবাক আপোন কৰি পোৱাই কেৱল প্ৰেম নহয়,  কাৰোবাৰ প্ৰেমৰ মধুৰ স্মৃতিৰ ৰহঘৰাত পৰিও গোটেই জীৱন অতিবাহিত কৰিব পাৰি ।যিদৰে ৰাধা-কৃষ্ণৰ অমৰ প্ৰেম কাহিনী  জনসমাদৃত। মিলনৰ পৰমাকাংশা পৰিত্যাগ কৰি বিচ্ছেদৰ জুইকুৰা বুকুত গুঁজিও হাঁহিমুখে প্ৰেমামৃত পান কৰিব পাৰি।কিন্তু সাম্প্ৰতিক যুগত আকাশলঙ্ঘী প্ৰেমৰ চূড়া যেন খহি পৰিছে ধৰিত্ৰী মাতৃৰ কোলাত।সেই প্রকৃত প্রেমানুভূতিৰ সুস্থ নিটোল পৰিৱেশ আজিৰ যুগত নাই । এতিয়াৰ প্রেমবোৰত স্বার্থৰ প্ৰদূষণ বিৰাজিত।বেছিভাগৰে হৃদয়ত যৌৱনোচ্ছল দেহৰ কেৱল মাদকতাৰ  সোৱাদ উপভোগ কৰাৰ তাগিদা থাকে।প্ৰেমৰ ভিতৰচ’ৰাত স্বার্থই স্থিৰাবাস লৈছে ।ইয়াক এক বজৰুৱা বস্তুৰ শাৰীত অৱনমিত কৰা হৈছে । আজিকালি বিখ্যাত দেশৰ প্ৰখ্যাত ব্যৱসায়ীসকলে প্ৰেমৰ  মৰ্মস্তূপক হেজাৰ – হেজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰে ! সেয়েহে বৰ্তমান যিকোনো বস্তুৰ প্রতি প্রেম স্বতঃস্ফূর্তভাৱে ওপজা দেখা নাযায়  কাৰণ মানুহৰ হৃদয়ত স্বাৰ্থতাৰ শেলাই গজিছে । প্ৰেমিক – প্ৰেমিকাৰ শতসহস্ৰ প্ৰতিশ্ৰুতিবোৰ চকুৰ পচাৰতে আদ্যশ্ৰাদ্ধ হয় ।আজিকালি পিতৃ – মাতৃকো স্বাৰ্থৰ বাবেহে প্রেম কৰা দেখা যায় । যি পিতৃ- মাতৃয়ে সন্তানৰ বাবে ধন – সম্পদৰ বিশাল অট্টালিকা গঢ়ি তুলিছে সেই পিতৃ – মাতৃকো বৃদ্ধাৱস্থাত সন্তানে বৃদ্ধাশ্রম বা অনাথ আশ্ৰমত  থৈ আহে । যৌতুকৰ বিৰুদ্ধে যিমানেই আইন প্রণয়ন নহওক কিয় তলে তলে প্রেমৰ নামত ঘৃণনীয় অপৰাধবোৰ চলিয়েই থাকে । যৌতুক নিষিদ্ধ আইন যেন পণ্ডশ্ৰম । বহুতো পৰিয়ালত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয় যে কন্যাৰ পিতৃয়ে বুকুত এচটা  শিল বান্ধি পুত্রী সুখৰ বাবে প্রেমৰ নামত সর্বস্ব উজাৰি দিয়ে, নহ’লে অশান্তি, অত্যাচাৰে দুৰ্বাৰ আক্রমণ কৰে।যিমানেই  প্ৰেম -ভালপোৱাৰ প্রতিশ্রুতি নিদিয়ক কিছুক্ষেত্রত যেন মানুহে মনতকৈ ধনকহে বেছি শ্ৰেয় জ্ঞান কৰা পৰিলক্ষিত হয় ।তাৰোপৰি আজিকালি নৱপ্রজন্মই প্ৰেমক বিকৃত কৰি পেলাইছে । প্ৰেমৰ নামতেই চলে গোপন অভিসাৰ, দেহব্যৱসায় । ওঁঠ চেপিলে গাখীৰ ওলোৱা ল’ৰা – ছোৱালী  একান্তে পঢ়া – শুনা কৰা বয়সত প্রেমত পৰি জীৱন ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াও পৰিলক্ষিত হয় । প্রেমত পৰিলেই যে পঢ়া – শুনা বা অন্যান্য কাৰ্যত ভাবুকি আহে তেনে নহয় , সেয়া নিৰ্ভৰ  কৰে আত্ম সংযমৰ ওপৰত । প্রকৃত প্রেমৰ পৰশে কঠিন  শিলাখণ্ডকো গলাব পাৰে , নিস্বাৰ্থ প্ৰেমৰ হাতখনে মূৰৰ ওপৰত  সাহস , উৎসাহৰ আকাশখন হৈ থাকিলে অসাধ্যকো সাধ্য কৰিব পাৰি অনায়াসে। ৰামায়ণৰ পাত লুটিয়ালেই আমি দেখিবলৈ পাও , স্বামীৰ প্ৰতি থকা সীতাৰ প্ৰগাঢ় প্ৰেম আৰু  স্বাৰ্থৰ দাৰিদ্ৰ্যতাৰ কথা , হাজাৰ সপোন অন্তৰতে কবৰ দি কিমান অটল প্রেম থাকিলে ৰাজ – প্রাসাদৰ সুখ বিনাদ্বিধাই ত্যাগ কৰি ১৪ বছৰ স্বামীৰ সৈতে বনবাসী জীৱন – যাপন কৰিব পাৰে, সীতা তাৰেই বিৰল দৃষ্টান্ত । অগাধ প্ৰেমৰ প্ৰতীক, আমাৰ  বাবে যেন সেয়া কল্পনাতীত ।কোৱা বাহুল্য যে প্ৰেমৰ অনুভূতি প্রকাশ কৰিবলৈ কোনো বিশেষ দিনৰ প্রয়োজন নহয়। প্রেম সদায়েই নিজেই বিশেষ হৈ থাকে , ই সৰ্ববিৰাজমান।প্রকৃত প্রেমানুভূতি সুকীয়া, কেৱল   সেয়া হৃদয়ংগম কৰাৰ ওপৰত নির্ভৰ কৰে।সাম্প্ৰতিক সময়ত এচামে আধুনিকতাৰ চক্রবেহুত  পৰি স্বৰ্গীয় প্ৰেমক কাল অমানিশাৰ কলংকৰে কলংকিত কৰি পেলোৱাৰ উপক্রম হৈছে । পশ্চিমীয়া  সংস্কৃতিক  মহাষৌধৰ দৰে গিলি ভেলেন্টাইন ডেত প্রেমৰ গইনা লৈ স্বাৰ্থসিদ্ধ কৰাৰ অসৎ অভিসন্ধিৰ পথ  বাচি লৈছে । যাৰফলত সেইসকলৰ চকুপানীৰ সাগৰখন অনন্ত কাললৈ প্রবাহিত হৈ থাকে।এক কৰুণ হুমুনিয়াহ কাঢ়ি কালৰ সোঁতত লীন যাবলৈ  উদ্যত হয় তেওঁলোকৰ  জীৱন । অৱশেষত ক’ব পাৰোঁ যে স্বাৰ্থৰ বৰমালা নিপিন্ধা, নিভাঁজ প্ৰেমৰ বায়ুমণ্ডলত বিশ্বাস নামৰ অক্সিজেন হৈ প্ৰতিটো শ্বাস – প্ৰশ্বাসে দেহৰ ৰন্ধ্ৰে – ৰন্ধ্ৰে বিয়পিব পৰা কৈ জীৱনত অন্ততঃ এজন থাকক , সেয়াই  যথেষ্ট।