ভেলেন্টাইনছ ডে আৰু আজিৰ নৱপ্ৰজন্ম – চন্দ্ৰ শেখৰ পৰাজুলী

Pc Stockcake

ভেলেন্টাইনছ ডে আৰু আজিৰ নৱপ্ৰজন্ম

চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি, অসম

আজিৰ আমাৰ দেশৰ নৱপ্ৰজন্মক লক্ষ্য কৰি ভেলেন্টাইনছ ডে বিষয়ে কিছু কথা অৱগত কৰিবলৈ লৈছোঁ। আচলতে আমাৰ উঠি অহা নৱপ্ৰজন্ময়ে পশ্চিমীয়া উন্নত দেশসমূহক লক্ষ্য কৰি পশ্চিমীয়া দেশৰ ভাল দিশবোৰক আওকাণ কৰি কেৱল কিছুমান আমাৰ বাবে অলাগতীয়াল অপ সংস্কৃতিবোৰ দ্ৰুত গতিত আকোঁৱালি ল’বলৈ আৰম্ভ কৰিছে। তাৰেই এটি ডাঙৰ উদাহৰণ হ’ল ভেলেন্টাইনছ ডে । চাওঁক আমাৰ দেশ ভাৰতবৰ্ষ বৰ্তমান সময়ত বিকাশৰ ক্ষেত্ৰত বহু পিছপৰি আছে যদিও আমাৰ দেশৰ ৰীতি, নীতিৰ ,সংস্কৃতি, ধৰ্মীয় পৰম্পৰাৰ দিশত আমি বহু ধনী। আৰু তাক লৈ সকলোৱে গৌৰৱ অনুভৱ কৰিব লাগে। সেয়েহে আমাৰ পশ্চিমীয়া দেশসমূহৰ দৰে ভেলেন্টাইনছ ডে বা কোনো নিম্ন লিখিত প্ৰেমৰ দিৱসৰ কোনো প্ৰয়োজন নাই। কাৰণ আমাৰ দেশত প্ৰেমৰ সংজ্ঞা সেই কেইদিনমান আগৰ ৰোমিঅ’ আৰু জুলিয়েট , বা লায়লা আৰু মজনু লৈ গঠিত মাথোঁ এক সাধাৰণ ধাৰণাহে নহয়। আচলতে আমাৰ ইয়াত প্ৰেম মানে প্ৰতিজন মানুহৰ মাজত জন্মসূত্ৰে বিৰাজমান এক পবিত্ৰ মনৰ বান্ধোন বা ভালপোৱাৰ এক মাধ্যম । আচলতে আমৰ দেশত এতিয়াও প্ৰতিগৰাকী নাৰীকে দেৱীৰ স্বৰূপ বুলি আমি গন্য কৰোঁ। আৰু এতিয়াও আমাৰ বাবে বিবাহ মানে হ’ল এহাল পুৰুষ আৰু মহিলাৰ মাজত হোৱা এক পবিত্ৰ বান্ধোন। তাতে পশ্চিমীয়া সভ্যতাত কিছুমান দার্শনিক যেনে, প্লেটোৱে কৈছিল যে তেখেতৰ জীৱনত ২০-২২গৰাকী মহিলাৰ সৈতে সম্পর্ক আছিল৷ এৰিষ্টটল, ডেছকার্টে তথা ৰুচোৰ দৰে বিখ্যাত লোকেও তেওঁলোকৰ আত্ম-জীৱনীত উল্লেখ কৰিছিল যে ‘এগৰাকী মহিলাৰ সৈতে জীৱন কটোৱা এজন পুৰুষৰ বাবে কেতিয়াও সম্ভৱ নহয়’৷এইসকল দার্শনিকৰ মন্তব্য এনেকুৱাও আছিল যে ‘স্ত্রীসকলৰ মাজত কোনো আত্মায়েই নাথাকে ৷

গতিকে অতি দুখৰ কথা এনেবোৰ ধাৰণাৰ মাজেদি গা কৰি উঠা পশ্চিমীয়া সংস্কৃতিক আমি দিনক দিনে আকোঁৱালি ল’বলৈ ধৰিছো।সেয়েহে মোৰ মতে আমাৰ উঠি অহা নৱপ্ৰজন্মক আমি পশ্চিমীয়া অপ সংস্কৃতিবোৰ আকোঁৱালি ল’বলৈ বাধা প্ৰদান কৰাৰ উপৰিও আমাৰ দেশৰ জেষ্ঠ নাগৰিক সকলে আমাৰ ধৰ্মীয় ৰীতি নীতি, সংস্কৃতি, পৰম্পৰা আদি প্ৰতি সজাগতা আনিবলৈ সময় হ’ল। নহ’লে এসময়ত গৈ গৈ বিশ্ববাসীৰ মাজৰ পৰা আমাৰ অস্তিত্ব নাইকীয়া হৈ পৰিব।