ভেলেনটাইন ডে (এটা নগ্ন উৎসৱ )
কাজি শ্বাহাদত ইছলাম,
দক্ষিণগাঁও, কাহিলীপাৰা
মই হেনো অলগৰ্ধ…..
আধুনিকতাৰ দেশত মই হেনো
এটি অপ্ৰয়োজনীয় জাবৰৰ টোপোলা…..
মই হেনো স্বপ্ন ভঙা কংকৰ…..
কাৰণ মই ভেলেণটাইনৰ নগ্নতাক
দুভৰিৰে মোহাৰিব খোজোঁ !!
আৰে মই তোমাৰ নিকৃষ্ট ভাৱনাৰ
বাট ভেটা দিব গৈ,
মোৰ অমূল্য পল অনুপল বোৰত
বদনামৰ কলিমা সানিব বিচৰা নাই…..
মোক মোৰ মতেই থাকিব দিয়া !!
প্ৰেমৰ নামত নোৱাৰোঁ মই পৰি থাকিবলৈ
কাতিমহীয়া কুকুৰৰ দৰে
কোনোবা পাৰ্কৰ নিৰ্জনত…..
নতুবা কোনো বন্ধ কোঠাৰ আন্ধাৰ গলিত…..
দহৰ লগত ৰিজাই মোক অপদস্থ নকৰিবা ।।
নিজৰ কূলষিত চিন্তা ধাৰাক
আনৰ মূৰত জাপি নিদিবা ।।
বৰ্ণিল জীৱনৰ সুস্বাদু অনুভূতিক
বৈধতাৰ লেপন দিয়া…..
জীৱনে বিচাৰি পাব
সঁচা তৰংগ…..
য’ত কৃত্ৰিমতা থাকিব বহু আঁতৰত ।।