ভেলেণ্টাইন
মুন শৰ্মা, লখিমপুৰ
আজি মোৰ চহৰ খন ভীষণ ব্যস্ত….
এটি বৰ্ণিল শোভাযাত্ৰা ৰে তাৰ আৰম্ভ।
তৰুণ তৰুণীৰে চহৰ উপচি পৰিছে।
স্বভাৱত সিহঁতৰ শান্ত মুখত এটি ৰহস্যময় হাঁহি।
চহৰৰ ফুটপাথ বোৰত বিৰাট সমাগম,
দৰ দাম চলি আছে……
উদ্দেশ্য মাথোঁ এপাহ ৰক্ত গোলাপ কিনাৰ।
আজি ঘনে ঘনে নিৰন্তৰ বাৰে বাৰে।
কিছু পৰ মই আচৰিত হৈ পৰিলোঁ!
বিষাদ দুখৰ গান গোৱা চহৰ খনত!
চাৰি দিশে দেখোন প্ৰেম ভালপোৱাৰ গীতৰ কোলাহল!
আচলতে হৈছে কি! হঠাৎ তে মূহুৰ্তত!
চিনাকি বোৰক সুধিলো কথাটো আচলতে কি!
বোলে,, এটি বিশেষ দিন উদযাপন প্ৰেমৰ নামত।
প্ৰতি তৰুণ আৰু তৰুণী মগ্ন আজি,
হৃদয়াৰণ্যৰ আপাহৰ আকাশৰে তলত,
কোনোবাই কাৰোবাৰৰ বুকুৰ গভীৰতাৰ
নিৰিবিলি ছাঁত জিৰুৱা তীব্ৰতা দুচকুত সকলোৰে।
নিৰিবিলি ছাঁত জিৰুৱা তীব্ৰতা দুচকুত সকলোৰে।
যৌৱনে গৰকা জীৱন বোৰৰ লক্ষ্য মাথোঁ আগন্তুক প্ৰেমৰ ভেলেণ্টাইন,
মধু ভৰা প্ৰেমৰ ৰাগীত মাতাল হবলৈ প্ৰস্তুতি সিহঁতৰ।
