ভেলেণ্টাইন ডে
সীমান্ত কবি
হে অত্যাচাৰী ক্লোডিয়াছ
প্ৰেমৰ নাথাকে কোনো বাৰ
অবিৰত দিন- প্ৰতিদিনে,
ৰজাৰ হুকুম হৃদয়ে নামানে
তাৰেই নিদৰ্শন দেখুৱালে
চেণ্ট ভেলেণ্টাইনে।
অন্ধৰ চকু খোল খায়
যি মৰমৰ পৰশ পাই
তেনে প্ৰেমক ফাঁচি দিয়াৰ
অধিকাৰ তোমাৰ নাই।
দেহা গ’ল বুলিয়েই
প্ৰেম নাযায় মৰহি
তাৰেই নিদৰ্শনত আজিও
ফুলিছে প্ৰেমৰ পাহি ।
ঐ আধুনিকা ডেকা- গাভৰুৰ জাক
নহয় এই দিন মাথোঁ জুৰাবলৈ
দেহাৰ পিৰপিৰণি
হৃদয় শিলত আঁকি লোৱা
স্বৰ্গীয় অনুভূতিৰ দিনলিপি।
