ভেলেণ্টাইনৰ নামত অশ্লীলতা: যুক্তি-বিবেচনা হেৰুওৱা সমাজ  –  আয়শা ছিদ্দিকা

ভেলেণ্টাইনৰ নামত অশ্লীলতা: যুক্তি-বিবেচনা হেৰুওৱা সমাজ 

 আয়শা ছিদ্দিকা(আছৰি)
বাংলিপাৰা, বৰপেটা 

সৃষ্টিৰ আদি প্ৰেম সেয়ে কোৱা হয় প্ৰেম পৃথিৱীৰ আটাইতকৈ পবিত্ৰ আৰু সুন্দৰ অনুভৱ। কিন্তু আধুনিকতাৰ প্ৰতিযোগিতাত আজি এই সুন্দৰ পৱিত্ৰ শব্দটোৰ সংজ্ঞাই সলনি হ’বলৈ ধৰিছে। ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ ‘ভেলেণ্টাইন ডে’ বা ‘প্ৰেমৰ দিৱস’ক কেন্দ্ৰ কৰি সমাজত বৰ্তমান যি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে সেইয়া  চিন্তনীয় আৰু সামাজিক নৈতিকতাৰ প্ৰতি এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে।

প্ৰেমৰ দৰে এক চিৰন্তন আৰু পবিত্ৰ অনুভূতিলৈ বৰ্তমানৰ তথাকথিত আধুনিক সমাজে যি বিকৃত দৃষ্টিভংগী কঢ়িয়াই আনিছে, সেয়া সমাজতাত্ত্বিক আৰু সাংস্কৃতিক উভয় দিশৰ পৰাই এক তীব্ৰ সমালোচনাৰ বিষয়। ভেলেণ্টাইন ডে বা প্ৰেমৰ দিৱসৰ নামত আজি যি এক আড়ম্বৰপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰা হৈছে, তাৰ গভীৰতাত সোমাই আছে নৈতিক স্খলন আৰু এক অসুস্থ সমাজৰ সূচনা।এটা সময়ত প্ৰেম য’ত নিভৃত আৰু হৃদয়ৰ এক গোপন সমল আছিল, তাক আজি  নিকৃষ্ট বিষয়লৈ ৰূপান্তৰিত কৰি আছে যেন লগে । দিৱসৰ নামত সমাজত  অশ্লীলতাৰ প্ৰসাৰ ঘটিছে আৰু সামাজিক গাঁথনিৰ এক চৰম অৱক্ষয়ৰ দিশ যেন  উন্মোচিত কৰিছে।

সমালোচনাত্মক দৃষ্টিভংগীৰে চালে দেখা যায় যে, পাশ্চাত্যৰ এই সংস্কৃতিৰ যান্ত্ৰিক অনুকৰণে আমাৰ যুৱ সমাজৰ চিন্তাৰ মৌলিকতা ধবংস কৰিছে। প্ৰেমৰ অভিব্যক্তি আজি কবিতা বা হৃদয়ৰ স্পন্দনতকৈ বেছি ৰাজহুৱা স্থানৰ অশোভন প্ৰদৰ্শন আৰু অসংযত আচৰণতহে প্ৰতিফলিত হোৱা দেখা যায়। আধুনিকতাৰ দোহাই দি যি স্বাধীনতাৰ কথা কোৱা হয়, সেই স্বাধীনতা প্ৰকৃততে স্বেচ্ছাচাৰিতালৈ পৰিৱৰ্তন হৈছে। ৰাজহুৱা উদ্যান, শিক্ষানুষ্ঠানৰ চৌহদ বা জনবসতিপূৰ্ণ স্থানত প্ৰেমৰ নামত চলা অভব্য কাৰ্যকলাপবোৰে আমাৰ সভ্যতাৰ মুখাখন খুলি দিছে। যিটো সময়ত এজন যুৱক বা যুৱতীৰ চিন্তা আৰু কৰ্মই সমাজক নতুন দিশ দিব লাগিছিল, সেই সময়ত তেওঁলোকৰ এক বৃহৎ অংশই কেৱল এটা কৃত্ৰিম দিৱসৰ উত্তেজনাৰ নামত নিজৰ নৈতিকতা আৰু আত্মসন্মান বিসৰ্জন দিছে।

এই সমস্যাটোৰ আন এক ভয়ংকৰ দিশ হ’ল পুঁজিবাদী ব্যৱসায়িক গোষ্ঠীবোৰৰ সুপৰিকল্পিত ষড়যন্ত্ৰ। তেওঁলোকে মানুহৰ আৱেগক ব্যৱসায়ৰ আহিলা কৰি লৈছে। বিজ্ঞাপনৰ মায়াজালৰ জৰিয়তে এটা নিৰ্দিষ্ট দিনত বিশেষ ধৰণৰ পোছাক পিন্ধা বা দামী উপহাৰৰ আদান-প্ৰদানক ‘প্ৰেমৰ মানদণ্ড’ হিচাপে থিয় কৰোৱা হৈছে। ইয়াৰ ফলত যি এক মানসিক চাপৰ সৃষ্টি হৈছে, তাৰ বাবে বহু কিশোৰ-কিশোৰীয়ে অসৎ পথ অৱলম্বন কৰিবলৈকো কুণ্ঠাবোধ নকৰা হৈছে। এনে বিষয়ে অৰ্থনৈতিক শোষণৰ লগতে প্ৰেমৰ দৰে এটা উচ্চ পৰ্যায়ৰ মানৱীয় প্ৰমূল্যক সস্তীয়া মনোৰঞ্জনৰ স্তৰলৈ নমাই আনিছে। সামাজিক মাধ্যমৰ প্ৰসাৰে এই পৰিস্থিতিক অধিক বিষময় কৰি তুলিছে। ব্যক্তিগত মুহূৰ্তবোৰক ৰাজহুৱা কৰি ‘লাইক’ আৰু ‘শ্বেয়াৰ’ৰ দৌৰত নামি পৰা যুৱ প্ৰজন্মই প্ৰেমৰ মাজত থকা ত্যাগ, নিষ্ঠা আৰু শ্ৰদ্ধাৰ ধাৰণাটো সম্পূৰ্ণৰূপে পাহৰি পেলাইছে।

  যি সংস্কৃতিয়ে মানুহক সংযম আৰু মৰ্যাদা নিশিকাই কেৱল ইন্দ্ৰিয়সুখ আৰু প্ৰদৰ্শনকামীতাৰ শিক্ষা দিয়ে, সেই সংস্কৃতিয়ে সমাজৰ কোনো কল্যাণ কৰিব নোৱাৰে। ভেলেণ্টাইন ডে-ৰ নামত প্ৰচলিত এই অশ্লীলতা আৰু অপসংস্কৃতিৰ বিৰোধিতা কৰাৰ অৰ্থ প্ৰেমৰ বিৰোধিতা কৰা নহ’ব প্ৰেমৰ পবিত্ৰতা ৰক্ষা কৰাহে হ’ব। এখন সুস্থ সমাজত ব্যক্তিগত আৱেগ আৰু সামাজিক মৰ্যাদাৰ মাজত এক সুন্দৰ ভাৰসাম্য থকাটো জৰুৰী। যিদিনা আমাৰ সমাজত প্ৰেমৰ নামত চলা এই নিৰ্লজ্জ প্ৰদৰ্শন বন্ধ হৈ প্ৰেমৰ স্থান হৃদয়ৰ নিভৃত কোণত হ’ব, সেইদিনাহে সমাজত নৈতিকতাৰ পুনঃপ্ৰতিষ্ঠা সম্ভৱ হ’ব। অন্ধ অনুকৰণ ত্যাগ কৰি নিজৰ বিবেক আৰু সংস্কৃতিক সন্মান কৰিবলৈ শিকাটোৱে হ’ব বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।