ভেলেঙ্গী পাৰত আছোঁ মই- এছ ইছলাম, শিক্ষক, পশ্চিম মইনবৰী,বৰপেটা

P.C. istock
ভেলেঙ্গী পাৰত আছোঁ মই
************************
ভেলেঙ্গী পাৰত আছোঁ মই
আছে তাতে জোনাক
শীতল কৰিব তোমাক
মোৰ দৰে তোমাৰো মন-প্ৰাণ।
বৈ যায় এজাক প্ৰেমৰ বৰষুণ
তোমাৰ তাতে বোৱাৰ দৰে
প্ৰেমৰ বৰষুণ জাকত তিতি-বুৰি
ৰোমাঞ্চিত হওঁ আহানা এবাৰ ?
ফুলে ফুল শেৱালি ,বকুল, পলাশ
গুটিমালী, ৰজনীগন্ধা, হাচনাহানা
তাৰ সুবাসে মতলীয়া কৰে
বসন্ত আহে জানা
কুলিৰ মাতত তোমালৈ মনত পৰে।
আকাশত বিজুলী চমকিলে
তাতো চমকি উঠে চাগে
বুকুখন দুৰু দুৰু কঁপে
আহিবা চোন এপাক আমাৰ ইয়ালৈ
চাই যাবাহি মই আছোঁ কেনেকৈ?
আহিবা দেই, সেই চিনাকি নৈৰ ঘাটলৈ
নিচেই কাষতে বহি কথা পাতিম
তুমি অবিহনে মৰমবোৰ কাক ঢালি দিম
বুকু জুৰ পৰাকৈ ?