ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকৰ ল’ৰা ৰিয়ান দেশৰ ভিতৰতে চতুৰ্থ স্থানত উজলিল

ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকৰ ল’ৰা ৰিয়ান দেশৰ ভিতৰতে চতুৰ্থ স্থানত উজলিল

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ বতাহঘুলিস্থিত জনশিমলু হাইস্কুলৰ প্ৰধান শিক্ষক কনক কলিতা আৰু শিক্ষয়িত্ৰী পুতুলি কলিতাৰ কণিষ্ঠ পুত্ৰ ৰিয়ান কলিতাই চতুৰ্থ শ্ৰেণীৰ সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত গণিত আৰু বিজ্ঞানৰ টেলেণ্ট চাৰ্চ পৰীক্ষাত দেশৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰি ৰাজ্যৰ লগতে গুৱাহাটী পাব্লিক স্কুলৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিয়ান কলিতালৈ ” পৰীক্ষা পে চৰ্চা” ত অংশ গ্ৰহণ কৰি নিজৰ যি চিন্তা ধাৰা আগবঢ়াইছে তাৰ বাবে তেওঁলৈ শুভেচ্ছা পত্ৰ প্ৰেৰণ কৰিছে । ৰিয়ান কলিতাৰ পিতৃ আৰু মাতৃয়ে ভেঞ্চাৰ বিদ্যালয়ত আজি প্ৰায় ২৫ বছৰে বিনা বেতনে নিজৰ কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰি আহিছে। দিনৰ দিনতো বিদ্যালয়ত পাঠদান কৰি সন্ধিয়া সময়ত মানুহৰ ঘৰে ঘৰে গৈ টিউচন কৰি অতি কষ্টৰে কলিতাই পৰিয়াল চলাই আছে।