ভেঞ্চাৰ জীৱন
এছ ইছলাম, শিক্ষক
বালিকুৰী, বৰপেটা
পৰিসমাপ্তি শিক্ষা জীৱনৰ
পাতনি মেলে নৱ জীৱন
য’ত প্ৰবাহিত হয় দিনক দিনে
এক নতুন অধ্যায় ।
আৰম্ভ হয় অৱহেলিত জীৱন
আৰু যে কিমান……..
তুচ্ছ-তাচ্ছিল্যৰে ভৰপুৰ
ভেঞ্চাৰ জীৱন
লাঞ্ছনা-বঞ্ছনাৰ মাজেৰে পাৰ হয়।
অৰ্ধ জীৱন অতিবাহিত
কিছুমানৰ তিলতিলকৈ অন্তপৰে
নিজকে স্বাবলম্বী কৰিব নোৱাৰে
দুৰ্দশাগ্ৰস্থ হয় ভেঞ্চাৰ জীৱন।
দুশ্চিন্তাৰে আৱৰা জীৱনটো
এগছি মমৰ দৰে
জ্বলি-পুৰি শেষ হৈ যায়।