ভূমি আইন প্ৰসঙ্গত আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি অসম জাতীয় পৰিষদৰ প্ৰশ্ন

Pc Wikipedia

ভূমি আইন প্ৰসঙ্গত আয়োগলৈ পত্ৰ প্ৰেৰণ কৰি অসম জাতীয় পৰিষদৰ প্ৰশ্ন
ৰাজহুৱা খচৰা অবিহনে কিহৰ ওপৰত মতামত আগবঢ়াব ৰাইজে? চৰকাৰে নিজেই বিভ্ৰান্তি সৃষ্টিৰ অভিযোগ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে (অজাপ) তীব্ৰ আপত্তি জনাইছে। দলটোৱে লিখিত ৰূপত ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ ওচৰত নিজৰ পৰামৰ্শ দাখিল কৰিছে।দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু উপসভাপতি তথা অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া চন্দ্ৰকান্ত দাসে স্বাক্ষৰ কৰা পত্ৰখনত জাতীয়তাবাদী ৰাজনৈতিক দলটোৱে আয়োগৰ ঘোষণাত গুৰুত্বপূৰ্ণ অস্পষ্টতা আৰু অনিয়ম থকা বুলি অভিযোগ উত্থাপন কৰিছে। দলটোৱে কয় যে, জনসাধাৰণ তথা দলসমূহে মতামত দিবলৈ যি পৰিমাণে তথ্য বা খচৰা আৱশ্যক, আয়োগে সেইবোৰ আগবঢ়োৱা নাই। অসম জাতীয় পৰিষদে দাঙি ধৰা মুখ্য বিষয়বস্তু — আয়োগে কোনখন আইন বা কোন আইনৰ কোনবোৰ ধাৰাক ‘অগতিশীল’ আইন বুলি বুজাইছে তাৰ কোনো স্পষ্ট সংজ্ঞা নাই।অসম ভূমি আৰু ৰাজহ নিয়মাৱলী, ১৮৮৬ৰ বাহিৰে বাতিল বা সংশোধনৰ তালিকাত কিমানখন আৰু কোনখন আইন অন্তৰ্গত হৈছে, তাৰ উল্লেখ নাই। প্ৰস্তাৱিত নতুন সংহত ভূমি আইন বা বিধেয়কৰ খচৰা ৰাজহুৱা কৰা হোৱা নাই, ফলত তথ্যহীনতাৰ বাবে সঠিক পৰামৰ্শ দিয়াটো অসম্ভৱ। এতিয়া বিদ্যমান আইন, বিশেষকৈ অসম ভূমি আৰু ৰাজহ নিয়মাৱলী, ১৮৮৬ বাতিল কৰাৰ প্ৰস্তাৱ অবাস্তৱ বুলি দলটোৱে মন্তব্য কৰিছে। উক্ত আইনখন খিলঞ্জীয়াৰ ভূমিৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা লৈ আহিছে বুলি দলটোৱে উল্লেখ কৰে। বিশেষকৈ উক্ত আইনখনৰ ধাৰা ৭০(২) অনুসৰি, বহিৰাগত বা অনাকৃষক লোকক কৃষিভূমি নিলামত অংশগ্ৰহণ কৰিবলৈ বাধা দিয়ে, যি বিধানখন আজিও খিলঞ্জীয়া কৃষকসকলৰ সুৰক্ষাৰ বাবে অত্যন্ত প্ৰাসংগিক। অজাপৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰচলিত আইনসমূহৰ গঠন আৰু ভূমি-স্বত্ব ৰক্ষা কৰি আইন সংশোধন আনিব লাগে, বাতিল নহয় অসমবাসীক বিশ্বাসত লৈ, স্বচ্ছভাৱে ভূমি আইনৰ কোনো সংশোধন কৰা উচিত। প্ৰচলিত স্বয়ংস্মপূৰ্ণ আইন থকা অৱস্থাত সংহত আইন প্ৰণয়নৰ কোনো প্ৰয়োজন নাই৷ প্ৰস্তাৱিত নতুন বিধেয়কৰ খচৰা ৰাইজৰ আগত প্ৰকাশ কৰি, তাৰ পিছত মতামত লোৱা উচিত। মতামত দাখিলৰ সময়সীমা ৩০ জুনৰ পৰিৱৰ্তে ৩০ ছেপ্তেম্বৰ, ২০২৫ পৰ্যন্ত বৃদ্ধি কৰাৰ লগতে ই-মেইলৰ বাহিৰেও লিখিত ৰূপত, জিলা/সমজিলাৰ আয়ুক্তৰ জৰিয়তে মতামত দিয়াৰ সুবিধা দিয়ক। জমা পৰা সকলো পৰামৰ্শৰ ৰচিদ দিয়ক আৰু সেইবোৰৰ গ্ৰহণ বা অগ্ৰহণৰ বিষয়ে স্বচ্ছভাৱে তথ্য (স্পীকং অৰ্ডাৰ) ৰাখিব লাগে। অসম চৰকাৰে বৰ্তমান ভূমি শাসন ব্যৱস্থাত আমূল পৰিৱৰ্তন আনিবলৈ এক সংহত আইনৰ খচৰা তৈয়াৰ কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। এই উদ্দেশ্যে গঠন কৰা ভূমি শাসন আয়োগে বিগত মাহত এক ৰাজহুৱা জাননী জাৰি কৰি ৰাইজৰ পৰা মতামত বিচাৰিছিল। অসম জাতীয় পৰিষদে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোক অগভীৰ আৰু জন-বিৰোধী বুলি আখ্যা দি, অধিক সময়, স্বচ্ছতা আৰু ৰাইজৰ গভীৰ অংশগ্ৰহণৰ দাবী জনাইছে।