ভূমিস্খলনৰ বাবে বাতিল কেইবাখনো ৰে’ল

ভূমিস্খলনৰ বাবে বাতিল কেইবাখনো ৰে’ল

ৰঙিলী বাৰ্ত্তাসেৱা- নেৰানেপেৰা বৰষুণৰ ফলত জাতিংগা-লামপুৰ ৰে’লৱে ষ্টেচনৰ সমীপত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ধাৰাবাহিক ভূমিস্খলনৰ ফলত ৰাজ্যৰ ৰে’ল সেৱাত ব্যাপক প্ৰভাৱ পৰিছে। এনে পৰিস্থিতিত ৰে’ল বিভাগে  বাতিল কৰিলে যাত্ৰীবাহী ৰে’ল সমূহৰ চলাচল। সোমবাৰে বিয়লি লামডিং-বদৰপুৰ পাহাৰ লাইনৰ জাতিংগা লামপুৰ আৰু নিউ হাৰেংগাজাও ষ্টেচনৰ মাজত ১০৮/৭-৮ কিলোমিটাৰত ৰে’ল লাইনৰ ওপৰত থকা শিলচৰ-হাফলং ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডাঙৰ শিল আৰু বোকাপানী বাগৰি পৰাত ৰে’ল লাইনৰ ক্ষতিসাধন হয় । সেইবাবে উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই লামডিং-বদৰপুৰ পাহাৰ লাইনত সকলো ধৰণৰ ৰে’লৰ চলাচল বন্ধ কৰিছে । উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই এই কথা সদৰী কৰিছে। ইপিনে, হাফলং-শিলচৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা হাৰেংগাজাও অংশৰ জাতিংগা লামপুৰত ভয়াৱহ ভূমিস্খলনৰ ফলত ডিমা হাছাও জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগে ঘাইপথটো সম্পূৰ্ণ ৰূপে বন্ধ কৰিছে । যাৰবাবে বৰাক উপত্যকাসহ মণিপুৰ-মিজোৰাম ৰে’ল পথ আৰু ঘাইপথত দেশৰ আন অংশৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে ।

উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষইবাতিল কৰা ৰে’লসমূহ হৈছে –

১৫৬১৫ গুৱাহাটী–শিলচৰ এক্সপ্ৰেছ

১৫৬১১ ৰঙিয়া–শিলচৰ এক্সপ্ৰেছ

১৫৬১৭ গুৱাহাটী–দুলাবচেৰা এক্সপ্ৰেছ

১৫৬১২ শিলচৰ–ৰঙিয়া এক্সপ্ৰেছ

১৫৬১৮ দুলাবচেৰা–গুৱাহাটী এক্সপ্ৰেছ

০৫৬৩৭ নাহৰলগুন–শিলচৰ স্পেচিয়েল

১২৫০৪ আগৰতলা–এছ এম ভি বি (বেংগালুৰু) এক্সপ্ৰেছ

১৪০৩৭ শিলচৰ–নতুন দিল্লী এক্সপ্ৰেছ

ইয়াৰ উপৰি শিলচৰৰ পৰা নাহাৰলগুনলৈ যোৱা ০৫৬৩৮ শিলচৰ- নাহাৰলগুন এক্সপ্ৰেছ ৰে’ল গাড়ীখনৰ যাত্ৰা নিউহাৰেংগাজাও ষ্টেচনৰ পৰা যাত্ৰা বাতিল কৰি শিলচৰলৈ ওভতাই নিয়া হৈছে ।১২৫২৩ চিকেন্দ্ৰবাদ-শিলচৰ এক্সপ্ৰেছ লামডিং ষ্টেচনত নিয়ন্ত্ৰণ কৰি লামডিং-শিলচৰৰ মাজত যাত্ৰা বাতিল কৰা হয় । ১২৫০১ কলকাতা-আগৰতলা ৰে’ল গাড়ীখন গুৱাহাটী ষ্টেচনত নিয়ন্ত্ৰণ কৰি গুৱাহাটী-আগৰতলাৰ মাজতে আংশিক যাত্ৰা বাতিল কৰা হৈছে । ২০৫০১ আগৰতলা-আনন্দবিহাৰ তেজছ এক্সপ্ৰেছ ৰে’ল গাড়ীখনৰ যাত্ৰা বদৰপুৰ ষ্টেচনৰ পৰা আনন্দবিহাৰলৈকে যাত্ৰা বাতিল কৰা হৈছে । ১২৫১৯ লোকমান্য তিলক আগৰতলা এক্সপ্ৰেছ ৰে’লখন গুৱাহাটী ষ্টেচনত নিয়ন্ত্ৰণ কৰাৰ উপৰি গুৱাহাটীৰ পৰা আগৰতলালৈকে যাত্ৰা বাতিল কৰা হৈছে ।