ভূমিকম্পৰ আৱাহন
মুজাম্মেল হ’ক,
গুৱাহাটী
মৃত্যুৱে শেষ কৰিব নোৱাঁৰা সাহস
কোৱা লাগে কাক,
দুখীয়া বেমাৰীৰ শেষ নিশ্বাস গৈ
জগালে সমাজক।
চিকিৎসা ‘ফ্ৰী’ কিন্তু কিমান ভাল
দুখীয়াৰ নাই যে টকা,
মৃত্যু উপত্যকাত ধনীলোক নাহে চোন
‘ফ্ৰী’ চিকিৎসা যে বেঁকা।
মৰ্ত্যৰ মানুহৰ মাজত মূল্যহীন পুৰুষ
নাথাকিলে টকা ‘ইনকাম’,
বিলাসী ভদ্ৰলোকৰ ঘৰৰ কুকুৰ হ’লে
দৰিদ্ৰতকৈ থাকে বেছি দাম।
দেহা মাৰি কাম কৰি শূণ্য অধিকাৰ
হৃদয় হয় ক্ষয় বাৰে-বাৰে,
অত্যাধুনিক শিক্ষিত মানুহবোৰে কিন্তু
ভূমিকম্পকহে ভয় কৰে।