ভূমিকম্পই জোকাৰি গ’ল অসম
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে দুপৰীয়া ভূমিকম্পই কঁপাই গ’ল মধ্য অসম। । মধ্য অসম, উত্তৰ অসমৰ লগতে নামনি অসমৰ প্ৰায়বোৰ জিলাত অনুভূত হয় এই ভূমিকম্পৰ কঁপনি।ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ৪.৮। তথ্য অনুসৰি, ভাৰতৰ লগতে ভূটানতো অনুভূত হৈছে এই ভূমিকম্পৰ। দুপৰীয়া ১২.০৯বজাত অসমত অনুভূত হয় এই জোকাৰণিৰ। তথ্য অনুসৰি, নগাঁৱৰ হয়বৰগাঁৱৰ ৯কিলোমিটাৰ গভীৰতাত আছিল এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ। অৱশ্যে ভূমিকম্পত কোনো ক্ষয়-ক্ষতিৰ খবৰ এইমুহূৰ্তলৈ অহা নাই।