ভূপেন হাজৰিকা: সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ যুগন্ধৰ শিল্পী – আয়শা ছিদ্দিকা

ভূপেন হাজৰিকা: সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ যুগন্ধৰ শিল্পী

আয়শা ছিদ্দিকা (আছৰি)
বালিপাৰা, বৰপেটা

ভাৰতবৰ্ষৰ, আৰু বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক আকাশত ভূপেন হাজৰিকাৰ নামটো এটা উজ্জ্বল নক্ষত্ৰৰ দৰেই জিলিকি থাকিব সদায়। তেওঁ একাধাৰে গায়ক, সংগীতজ্ঞ বা কণ্ঠশিল্পীৰ লগতে আছিল এক জীৱন্ত দাৰ্শনিক, এক সুকুমাৰ কলাকাৰ, যাৰ সংগীতৰ প্ৰতিটো সুৰে, প্ৰতিটো শব্দে মানৱতা, ঐক্য, প্ৰেম আৰু সমাজৰ এক গভীৰ চিন্তা বহন কৰি আহিছে। তেওঁৰ জন্ম বাৰ্ষিকীত আমি শ্ৰদ্ধাৰে স্মৰণ কৰোঁ এনে এজন শিল্পীক, যাৰ সৃষ্টিয়ে কালক্ৰমিক সীমা অতিক্ৰম কৰি চিৰসকীয়া হৈ আছে।

তেওঁৰ জীৱন দৰ্শন এক গভীৰ মানৱতাবাদী আৰু সমাজ সংস্কাৰমূলক চিন্তাৰ সমাহাৰ, যি আজিও আমাৰ বাবে প্ৰাসংগিক। তেখেতৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত অসমৰ শদিয়াত। কম বয়সৰ পৰাই তেওঁৰ মাজত সংগীতৰ প্ৰতি এক অসাধাৰণ আকৰ্ষণ আৰু প্ৰতিভা বিকশিত হৈছিল। মাত্ৰ দহ বছৰ বয়সতে তেওঁ প্ৰথম গান ৰেকৰ্ডিং কৰে। তেওঁৰ প্ৰতিভা কেৱল স্থানীয় পৰ্য্যায়তে সীমাবদ্ধ নাছিল। উচ্চশিক্ষাৰ বাবে তেওঁ কলিকতা আৰু পিছলৈ আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়লৈ যায়। তাত তেওঁ সমাজবিজ্ঞান অধ্যয়ন কৰে, যাৰ প্ৰভাৱ পৰিছিল তেওঁৰ গীতৰ দাৰ্শনিক আৰু সমাজসচেতন বিষয়বস্তুত। এই জ্ঞান আৰু প্ৰতিভাৰ মিলনেই তেওঁক এক বিশিষ্ট শিল্পী হিচাপে গঢ়ি তুলিছিল।

ভূপেন হাজৰিকাৰ জীৱন দৰ্শনৰ মূল ভেটি আছিল মানৱতা। তেওঁ বিশ্বাস কৰিছিল যে সকলো মানুহেই সমান আৰু শোষণ-নিপীড়নৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লাগে। তেওঁৰ গীতসমূহত এই চিন্তা স্পষ্টভাবে প্ৰকাশ পাইছে। গীতত তেওঁ সাম্ৰাজ্যবাদ, ধৰ্মীয় বিভেদ আৰু শোষণৰ বিৰুদ্ধে যুদ্ধৰ আহ্বান জনাইছে।তেখেতৰ সংগীতক কোনো এক বিশেষ ভাষা বা অঞ্চলৰ সীমাৰে বান্ধিব নোৱাৰি। তেওঁ অসমীয়া, বাংলা, হিন্দীকে ধৰি বহু ভাষাত গীত ৰচনা আৰু গাইছে। তেওঁৰ গীতবোৰ আছিল মানৱ জীৱনৰ বিভিন্ন দিশৰ এক গভীৰ অভিব্যক্তি। “মানুহ মানুহৰ বাবে”, “কহুৱা বন”, “গংগা ম’ৰ মাই” আদি গীতবোৰে মানৱতা আৰু বিশ্বভ্ৰাতৃত্ববোধৰ বাণী বহন কৰে। তেওঁৰ কণ্ঠত নদী, পৰ্বত, প্ৰকৃতি আৰু সাধাৰণ মানুহৰ কাহিনীয়ে এক নতুন মাত্ৰা লাভ কৰিছিল। তেওঁৰ সংগীতত লোকসংগীতৰ সুৰ, শাস্ত্ৰীয় সংগীতৰ আৰু আধুনিকতাৰ এক অপূৰ্ব সমন্বয় ঘটিছিল।

ইয়াৰ ওপৰিও অসমীয়া আৰু বাংলা চলচ্চিত্র জগতলৈও অসামান্য অৱদান আগবঢ়াইছে। তেওঁ সংগীত পৰিচালক, গীতিকাৰ আৰু playback singer হিচাপে অসংখ্য চলচ্চিত্রত নিজৰ দক্ষতাৰ চানেকি দাঙি ধৰিছে। তেওঁৰ সংগীতে চলচ্চিত্রক এটা নতুন জীৱন দান কৰিছে। তেখেত কেৱল কেৱল শিল্পী নহয়,আছিল এগৰাকী দাৰ্শনিক। তেওঁৰ গীতবোৰত জীৱনৰ গভীৰ ৰহস্য, সামাজিক অসমতা, যুদ্ধ-বিগ্ৰহৰ বিৰুদ্ধাচৰণ, প্ৰকৃতি প্ৰেম আদি দাৰ্শনিক চিন্তাৰ প্ৰতিফলন দেখা যায়। তেওঁৰ বাণী আৰু সংগীতে এতিয়াও শান্তি, প্ৰেম আৰু ভ্ৰাতৃত্ববোধৰ বাৰ্তা বহন কৰি আহিছে। অসামান্য অৱদানৰ বাবে ভূপেন হাজৰিকাক দেশে-বিদেশে অসংখ্য সন্মানেৰে সন্মানিত কৰা হৈছে। পদ্মভূষণ, দাদাসাহেব ফাল্কে বঁটা, সংগীত নাটক একাডেমি বঁটা, অসম ৰত্নকে ধৰি বহুতো সন্মানেৰে তেওঁ ভূষিত হৈছে। কিন্তু এইবোৰ তেওঁৰ তুলনাত সৰু। তেওঁৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ হৈছে জনসাধাৰণৰ হৃদয়ত চিৰজীৱনীয়ভাবে বিৰাজ কৰা স্থান।

২০০১ চনৰ ৫ নৱেম্বৰত আমি এই মহান শিল্পী গৰাকীয়ে সকলোকে কন্দুৱাই ইহ সংসাৰ ত্যাগ কৰে। কিন্তু তেওঁৰ গীত, তেওঁৰ বাণী, তেওঁৰ দৰ্শনে আমাৰ মাজত জীয়াই আছে। তেখেতৰ জন্ম বাৰ্ষিকীত তেঁওৰ জীৱন দৰ্শন, তেওঁৰ আদৰ্শ আৰু তেওঁৰ সংগীতৰ বাৰ্তক উঠি অহা প্ৰজন্মৰ মাজলৈ কঢ়িয়াই নিয়াৰ এক প্ৰয়াস মাত্ৰ। তেওঁৰ দৰে শিল্পীয়ে আমাক শিকাই যায় যে কলা-সংগীত মানৱতাৰ সেৱাৰ এক সাৰ্থক মাধ্যম। তেওঁৰ সুৰে সুৰে বান্ধ খাই থকা বাণীয়ে আজিও আমাক একেলগে বাচি থকাৰ, একতাৰ এনাজৰীৰে বান্ধি ৰখাৰ প্ৰেৰণা দিয়ে বাবেই আমাৰ হৃদয়ত সদায় অমৰ হৈ থাকিব।

ড° ভূপেন হাজৰিকা দেৱে কৈছিল -“মানুহৰ মনৰ অসীম গভীৰতা আৰু বিশালতাৰ স’তে মোৰ সংগীতৰ এক নিবিড় সম্পৰ্ক আছে। মই নদীৰ স’তে কথা পাতো, বতাহৰ স’তে কাব্য ৰচনা কৰো, জীৱন আৰু মৃত্যুৰ ৰহস্যবোৰ গানৰ মাজেৰে বিচাৰি ফুৰো।”

এই মহান ব্যক্তিত্বৰ চিন্তাধাৰাই যুগমীয়া হৈ থাকিব, কিয়নো ই আমাক শিকাই যায় – মানুহ হ’ব লাগে প্ৰথমে, সকলো তাৰ পিছতহে।

 তেখেতৰ জীৱন দৰ্শন হ’ল এক মুক্তিৰ দৰ্শন। শোষণৰ পৰা মুক্তি, সংকীৰ্ণতাবাদৰ পৰা মুক্তি, আৰু বিভেদৰ পৰা মুক্তি। তেওঁৰ সংগীত আৰু বাণীয়ে আজিও আমাক এক ন্যায়পূৰ্ণ, সমতাপূৰ্ণ আৰু মানৱীয় সমাজ গঢ়িবলৈ প্ৰেৰণা দিয়ে। তেওঁ এগৰাকী শিল্পী , এজন দাৰ্শনিক, যিয়ে গীতৰ মাজেদি মানুহৰ হৃদয়ত বিপ্লৱৰ জুই জ্বলাই গৈছে। সেইকাৰণেই তেখেতক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ যুগন্ধৰ শিল্পী বুলি আখ্যায়িত কৰা হয়।

তোমাৰ গানেৰে তুমি আমাক শিকালা,
মানুহ হ’বলৈ, মানুহক ভাল পাবলৈ
তোমাৰ সুৰেৰে তুমি আমাক দিলা,
এখনি বিশাল, সপোন দেখাৰ চকু
তুমি মহান তুমি মহান তুমি মহান।