ভূপেন বৰা কংগ্ৰেছৰ শেষৰজন স্বীকৃতিপ্রাপ্ত হিন্দু নেতাঃমুখ্যমন্ত্ৰী

ভূপেন বৰা কংগ্ৰেছৰ শেষৰজন স্বীকৃতিপ্রাপ্ত হিন্দু নেতাঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক হিন্দু সম্পর্কত মুকলি বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ জনোৱা প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে গৌৰৱ গগৈয়ে কেৱল তেওঁৰ ল’ৰা-ছোৱালী কোন ধৰ্মৰ সেই চার্টিফিকেটখন নিজেই দি দিয়ে। যিজন মানুহৰ ঘৰৰ তিনিজনেই হিন্দু নহয়, তেওঁৰ লগত কি বিতৰ্ক কৰিব বুলি প্রশ্ন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে তেওঁৰ ঘৈণীয়েক হিন্দু নহয়, ল’ৰা হিন্দু নহয়, ছোৱালী হিন্দু নহয়। তেওঁ নিজেই কি সেই কথা নিজে ৰাইজক নক’লে গম নাপাব ।  এনে অৱস্থাত কোনটো বিষয়ক লৈ গৌৰৱ গগৈৰ লগত বিতৰ্ক কৰিব বুলি প্রশ্ন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে তথাপি গৌৰৱ গগৈয়ে বিতৰ্ক কৰিব খুজিলে কামাখ্যা মন্দিৰ বা বৰদোৱাৰ সন্মুখত বহি বিতর্কত অংশগ্রহণ কৰিম। আনহাতে সদ্য কংগ্রেছত্যাগী প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই অসম কংগ্ৰেছৰ শেষৰজন স্বীকৃতিপ্রাপ্ত হিন্দু নেতা বুলি মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই এই মন্তব্য কৰি কয় যে কংগ্ৰেছত থকা দেৱব্ৰত শইকীয়া প্রয়াত মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ। গৌৰৱ গগৈ প্রয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ। সাংসদ প্রদ্যুৎ বৰদলৈ হৈছে সংখ্যালঘু সমষ্টিৰ পৰা বিজয়ী হোৱা লোক। সেয়ে সম্প্রতি হিন্দু সমাজক কংগ্ৰেছে আঁতৰাই ৰখাৰ দৰে হৈছে।