ভূপেন বৰাক বিজেপিলৈ আদৰণি মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্রদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এই যোগদান কার্যসূচীত সদ্য পদত্যাগী কংগ্রেছ নেতা ড° সঞ্জু বৰুৱা, ৰাজেশ যোশীয়েও বিজেপি দলত যোগদান কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দললৈ নতুনকৈ অহা ভূপেন বৰাকে ধৰি সদ্যপ্ৰাক্তন কংগ্ৰেছ নেতাসকলক আদৰণি জনায়। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এতিয়াৰে পৰা তেওঁলোকে বিজেপিৰ গৌৰৱী কার্যকর্তা হিচাপে কাম-কাজ কৰিব আৰু দলক শক্তিশালী কৰাৰ বাবে কাম কৰিব। নিজ দলৰ আদর্শ, সংস্কৃতি আগত ৰাখি ৰাইজৰ মাজত গৌৰৱী অসমীয়া হিচাপে কাম কৰিব।
