ভূটানৰ  ৰাষ্ট্ৰীয় দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই

ভূটানৰ  ৰাষ্ট্ৰীয় দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰয়েল ভূটান চৰকাৰৰ আমন্ত্রণমৰ্মে চাৰিদিনীয়া ভ্রমণসূচীৰে ভূটানলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভূটানৰ ১১৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় দিৱস উদযাপন সমাৰোহত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ সৈতে  সহধর্মিণী ৰিণিকি ভূঞা শৰ্মায়ো অংশগ্ৰহণ কৰে। থিম্ফুৰ চাংলিমেথাং খেলপথাৰত বর্ণাঢ্য তথা প্রাণৱন্ত পৰিৱেশত অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ কার্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এক অনন্য অনুভূতি লাভ কৰা বুলি মন্তব্য কৰে। ৰাষ্ট্ৰীয় দিৱসত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এক অনন্য অনুভূতি লাভ কৰা বুলি মন্তব্য কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়- ভূটানৰ এই ৰাষ্ট্ৰীয় দিৱসৰ সুন্দৰ আৰু মনোমুগ্ধ পৰিৱেশত উপস্থিত থাকিব পৰাটো মোৰ বাবে অত্যন্ত সৌভাগ্য আৰু গৌৰৱৰ কথা। ৰাষ্ট্ৰীয় দিৱস উযাপন সমাৰোহত অংশগ্ৰহণ কৰাৰ প্ৰাক্‌মুহূৰ্তত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সহধর্মিণী ৰিণিকি ভূঞা শৰ্মাক ৰয়েল ভূটান চৰকাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে ১৯০৭ চনত ভূটানৰ প্ৰথম ৰজা উগ্যেন ৱাংচুকৰ ৰাজ অভিষেকৰ স্মৃতিত এই ৰাষ্ট্ৰীয় দিৱস উদযাপন কৰা হয়। এই ঐতিহাসিক পৰিঘটনাই ভূটানত ৱাংচুক বংশৰ আৰম্ভণি ঘটাইছিল আৰু আজি পর্যন্ত এই বংশটোৱে ভুটানৰ শাসনভাৰ চলাই আহিছে। ভুটানৰ ৰাষ্ট্ৰীয় দিৱস উদ্যাপনৰ জৰিয়তে দেশখনৰ চহকী ঐতিহ্য আৰু সাংস্কৃতিক পৰম্পৰা প্ৰতিফলিত হৈ আহিছে। ভূটানৰ পূৰ্বপুৰুষসকলৰ মহান ত্যাগক স্মৰণ কৰাৰ লগতে দেশখনৰ শান্তি-সমৃদ্ধি, সুখ আৰু আনন্দৰ প্ৰতি দেশৰ নাগৰিকসকলৰ দায়ৱদ্ধতাক সুদৃঢ় কৰাৰ উদ্দেশ্যে প্রতিবছৰে এই দিৱস পালন কৰি অহা হৈছে। আনহাতে, ৰাষ্ট্ৰীয় দিৱস উদযাপন কাৰ্যসূচীত অংশগ্ৰহণৰ পাছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সহধর্মিণী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে ভুটানৰ প্রধানমন্ত্রী ছেৰিং টগবেৰ বাসভৱনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। সেইদৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই  সহধর্মিণী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে থিফুৰ কুয়েইনৰাই প্রেক্ষাগৃহত উপস্থিত হৈ ভগৱান গৌতম বুদ্ধৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্রজ্বলন কৰি সশ্রদ্ধ প্রণিপাত নিবেদন কৰে।