ভূটানৰ পৰা উভতিয়েই বিস্ফোৰণত আহতৰ কাষত প্রধানমন্ত্রী

Pc The Hindu

ভূটানৰ পৰা উভতিয়েই বিস্ফোৰণত আহতৰ কাষত প্রধানমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভূটান ভ্ৰমণ সামৰি বুধবাৰে দিল্লীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷  দিল্লীত ভৰি থৈয়ে লালকিল্লা বিস্ফোৰণত আহতসকলৰ কাষত থিয় হ’ল প্রধানমন্ত্রী মোদী। ভয়াৱহ বিস্ফোৰণটোত চিকিৎসাধীন হৈ থকা দিল্লীৰ লোকনায়ক জয়প্রকাশ হাস্পতালত উপস্থিত হয় প্রধানমন্ত্রী মোদী। হাস্পতালখনত চিকিৎসাৰত বিস্ফোৰণৰ প্ৰতিজন আহতৰ সৈতে সুকীয়া সুকীয়াকৈ কথা পাতে তথা স্বাস্থ্যৰ বুজ লয় প্রধানমন্ত্ৰীগৰাকীয়ে। তদুপৰি তেওঁ হাস্পতালৰ চিকিৎসকসকলৰ সৈতেও পৃথকে আলোচনাত মিলিত হয়। সোমবাৰে সংঘটিত বিস্ফোৰণটোত ১৩জন লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে দিল্লী আৰক্ষীয়ে। তদুপৰি সেই ভয়াৱহ বিস্ফোৰণটোত আন ৩২জন লোক কম-বেছি পৰিমাণে আহত হৈছিল। স্মৰ্তব্য যে মঙলবাৰে ভূটান ভ্ৰমণৰত অৱস্থাতে প্রধানমন্ত্রী মোদীয়ে এক চৰকাৰী সভাত স্পষ্টভাৱে প্ৰকাশ কৰিছিল যে লালকিল্লা বিস্ফোৰণত জড়িত ষড়যন্ত্রকাৰীক কোনো কাৰণতে ৰেহাই দিয়া নহ’ব আৰু কঠোৰ শাস্তি বিহা হ’ব। বুধবাৰে প্রধানমন্ত্রী মোদীয়ে লোকনায়ক জয়প্রকাশ হাস্পতালত আহতসকলৰ স্বাস্থ্যৰ বুজ লৈ বেছ কিছু সময় কটায়। তেওঁ আহতসকলৰ সৰ্বোত্তম চিকিৎসাৰ বাবে সকলো ব্যৱস্থা ল’বলৈ হাস্পতাল কর্তৃপক্ষক নির্দেশ দিয়ে। উল্লেখনীয় যে আহতসকল চিকিৎসাধীন হৈ থকা চিকিৎসালয়খনৰ নিৰাপত্তা ব্যৱস্থা ইতিমধ্যে যথেষ্ট বৃদ্ধি কৰা হৈছিল।