ভুৱা সাংবাদিকসহ তিনিজনক গ্ৰেপ্তাৰ গড়চুক আৰক্ষীৰ 

ভুৱা সাংবাদিকসহ তিনিজনক গ্ৰেপ্তাৰ গড়চুক আৰক্ষীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- সঘনাই ব্যবসায়ীক ধনদাবীৰে ব্লেকমেইলিং কৰাৰ অভিযোগত গড়চুক আৰক্ষীয়ে ভুৱা সাংবাদিকসহ এটা সংগঠনৰ দুই নেতাক গ্ৰেপ্তাৰ কৰে। গড়চুক আৰক্ষীৰ জালত পৰা ভুৱা প’ৰ্টেলৰ সাংবাদিকজন হৈছে নিউজ ফণ্ট-২৪ প’ৰ্টেলৰ ভুৱা সাংবাদিক দীপক সিন্হা, অসম উন্নয়ন পৰিষদৰ ৰাজ্যিক সভাপতি মৌচম উজীৰ আৰু গুৱাহাটী মহানগৰ জিলা সমিতিৰ সম্পাদক সোেণমণি দাস। আৰক্ষীয়ে বৰাগাঁৱৰ এখন হোটেল ব্যৱসায়ীক দাবী কৰা ধন নিবলৈ অহাত ভুৱা সাংবাদিকসহ সংগঠনটোৰ নেতাদ্বয়ক হাতেলোটে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্রই জানিবলৈ দিয়ামতে, ভুৱা সাংবাদিক দীপক সিন্হাৰ লগতে সংগঠনটোৰ নেতাদ্বয়ে বৰাগাঁৱৰ শিৱশক্তি নামৰ হোটেলৰ স্বত্বাধিকাৰী প্রদীপ কুমাৰ যাদৱক দীর্ঘদিন ধৰি ধন দাবীৰে ব্লেকমেইলিং কৰি আহিছে। শেহতীয়াকৈ ব্যৱসায়ীজনৰ পৰা ভয়-ভাবুকিৰে এই চক্ৰটোৱে ২০ হাজাৰ টকা আদায় কৰিছে আৰু আজি পুনৰ ব্যৱসায়ীজনক দাবীকৰা ধন আনিবলৈ ভুৱা সাংবাদিকসহ অসম উন্নয়ন পৰিষদৰ নেতাদ্বয় বৰাগাঁওস্থিত শিৱশক্তি হোটেলত উপস্থিত হয়। পিছত হোটেল ব্যৱসায়ীজনে কৌশলেৰে ভুৱা সাংবাদিকসহ তিনিওজনকে আটক কৰি গড়চুক আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত গড়চুক আৰক্ষীৰ এটা দল উপস্থিত হৈ প’র্টেল চেনেলৰ ভুৱা সাংবাদিক দীপক সিন্হাৰ লগতে অসম উন্নয়ন পৰিষদৰ নেতাদ্বয় ক্রমে মৌচম কুমাৰ উজীৰ আৰু সোণমণি দাসক আটক কৰে। ইপিনে, শিৱশক্তি হোটেলৰ স্বত্বাধিকাৰী প্ৰদীপ কুমাৰ যাদৱৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গড়চুক থানাত এটা গোচৰ ৰুজু কৰি ধনদাবী কৰা তিনিওজনকে সোধা-পোছা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে গুৱাহাটী মহানগৰীত সাংবাদিকৰ নাম লৈ একাংশ উদণ্ড যুৱক-যুৱতীয়ে ব্যৱসায়ীসকলক ব্লেকমেইলিং কৰাত লিপ্ত হোৱাৰ এই তথ্য অহাৰ পিছত এইসকলৰ বিৰুদ্ধে সাংবাদিকসকলৰ বিভিন্ন দল-সংগঠনে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আৰক্ষী- প্ৰশাসনক দাবী জনায়। এইক্ষেত্রত গড়চুক আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব।