ভুৱা প্ৰমাণ-পত্ৰ প্ৰদান কৰাৰ অভিযোগ উত্থাপন হোৱা শিক্ষকৰ বিৰুদ্ধে দৰমহা সাময়িকভাৱে বন্ধ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে

pc debtc

ভুৱা প্ৰমাণ-পত্ৰ প্ৰদান কৰাৰ অভিযোগ উত্থাপন হোৱা শিক্ষকৰ বিৰুদ্ধে দৰমহা সাময়িকভাৱে বন্ধ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে

অনলাইন বাৰ্ত্তাসেৱা – টেট পৰীক্ষাৰ ভুৱা প্ৰমাণ-পত্ৰৰে একাংশ প্ৰাৰ্থীয়ে শিক্ষক পদত নিযুক্তিৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বি.টি.চি. উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। এই ব্যাপক অনিয়মৰ সন্দৰ্ভত বিটিচি শিক্ষা সঞ্চালকালয়ে অভিযোগ লাভ কৰাৰ পিছতে সমগ্ৰ বিষয়টোৰ পুনৰ পৰীক্ষণৰ বাবে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে। সেই অনুসৰি ইতিমধ্যে চিনাক্ত হোৱা ৫২জন প্ৰাৰ্থীক তলব কৰা হৈছে। বি.টি.চি. শিক্ষা সঞ্চালকে এই প্রার্থীসকলৰ প্ৰকৃত প্ৰমাণ-পত্ৰসমূহ পুনৰ পৰীক্ষা কৰা হ’ব। সমান্তৰালভাৱে এক নির্দেশনাৰ জৰিয়তে বিটিচিৰ শিক্ষা সঞ্চালকে যিসকল শিক্ষকৰ বিৰুদ্ধে ভুৱা প্ৰমাণ-পত্ৰ প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে, তেওঁলোকৰ দৰমহা সাময়িকভাৱে বন্ধ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। এই নিৰ্দেশনা লাভ কৰাৰ পিছতে বিটিচি শিক্ষা সঞ্চালকালয়ত ৩০জন শিক্ষক উপস্থিত হয়। অৱশ্যে এতিয়াও আন শিক্ষকসকল যাৱতীয় প্রমাণ-পত্ৰ প্ৰদান কৰাৰ বাবে শিক্ষা সঞ্চালকালয়ত  উপস্থিত হোৱা নাই বুলি জানিব পৰা গৈছে।