ভুৱনেশ্বৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণৰ সুবিধা লাভ ডিব্ৰুগড়ৰ কুনাল চৌধুৰীৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় শিক্ষা ভেলী বিদ্যালয়ৰ এক প্ৰতিভাৱান ছাত্ৰ কুনাল চৌধুৰীয়ে জাতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, ভুৱনেশ্বৰত শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰি ডিব্ৰুগড় বাসীৰ লগতে শিক্ষা খণ্ডলৈ এক গৌৰৱ কঢ়িয়াই আনিছে। কুনালৰ শ্ৰেষ্ঠতম সফলতাৰ প্ৰমাণ হৈছে দেশজুৰি ২৯তম স্থানত থকা তেওঁৰ অভূতপূৰ্ব অল-ইণ্ডিয়া ৰেংকিং,২০২৫ চনৰ জাতীয় প্ৰৱেশ পৰীক্ষাৰ (নেস্ট) ফলাফল। (নেস্ট)পৰীক্ষা হৈছে আধুনিক বিজ্ঞান আৰুগৱেষণাত উৎকৃষ্টতাৰ বাবে ছাত্ৰসকলৰ মাজৰ অত্যন্ত প্রতিযোগিতামূলক এটা পৰীক্ষা। কুনালৰ একাডেমিক ক্ষমতা বা প্রতিভা আন বহু কেইটা উচ্চমানদণ্ডৰ পৰীক্ষাত তেওঁ কৰা সুন্দৰ প্ৰদৰ্শনৰ দ্বাৰা অধিক স্পষ্ট হয়।এই পৰীক্ষা সমূহৰ ভিতৰত জে ই ই (মেইন আৰু এডভেন্স),আই আই এছ ই আৰ আৰু কিইউটৰ অন্তর্ভুক্ত। শেষত তেওঁ নিছাৰত নিজৰ আনুষ্ঠানিক শিক্ষা আগবঢ়াই নিবলৈ বাচনি কৰিছে।