ভুল স্বীকাৰ কৰা এটা মহান গুণ
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
মানুহ মাত্রেই ভুল। মানুহে যদি ভুল নকৰে কেতিয়াও সঠিকটো শিকিব নোৱাৰে। জীৱনৰ পথত আগলৈ খোজ দি আমি প্ৰত্যেকেই কেতিয়াবা অজ্ঞাতসাৰে, কেতিয়াবা আবেগৰ তাড়নাত, আকৌ কেতিয়াবা ইচ্ছাকৃত ভাবে কথাবোৰ ভাবি নোচোৱাকৈয়ে নানান ভুল-ত্রুটি কৰি থাকো। এই ভুলবোৰ আমাৰ জীৱন-যাত্ৰাৰ এক অনিবার্য অংগ। কিন্তু এই ভুলবোৰক লৈ হতাশ হোৱা কিংবা লুকুৱাই ৰখাটোৱেই যে আমাৰ আটাইতকৈ ডাঙৰ ভুল, এই কথাটো আমি উপলব্ধি নকৰো। প্রকৃত পক্ষত, নিজৰ কৰা ভুলবোৰ সততাৰে স্বীকাৰ কৰিব পৰাটো এক মহান গুণ, যিয়ে আমাক এক ভাল মানসিকতাৰ সৎ ব্যক্তি হিচাপে গঢ়ি তুলিবলৈকো সহায় কৰে।
ভুল স্বীকাৰ কৰাটো মানে আত্ম-অবমাননা কৰাক নুবুজাই ই আত্ম-সচেতনতাৰ পৰিচয় দিয়ে। জ্ঞাতেই হওক বা অজ্ঞাতেই যেতিয়া আমি আমাৰ ভুল স্বীকাৰ কৰোঁ তেতিয়া এই স্বিকাৰোক্তিয়ে আমাৰ সততাৰ পৰিচয় দিয়ে। এই সততাই আমাৰ চৰিত্ৰত এক গভীৰতা আনে। ই আমাক স্বার্থপৰ আৰু অহংকাৰী হোৱাৰ পৰা ৰক্ষা কৰে। সমাজে এনেবোৰ ব্যক্তিক সদায় সন্মানৰ চকুৰে চায়, কিয়নো তেওঁলোকে দেখুৱায় যে সত্য আৰু ন্যায়ৰ বাবে তেওঁলোকৰ অহংকাৰতকৈও ডাঙৰ মূল্যবোধ আছে।
ভুল স্বীকাৰ কৰিলে আমি শিকাৰ এক অনন্য সুযোগ পাওঁ। যেতিয়া ভুলটো লুকুৱাই ৰখা হয়, তেতিয়া সেই ভুলৰ পৰা হ’ব পৰা শিক্ষাটোও লুকাই ৰখা হয়। কিন্তু যেতিয়া আমি ভুলটো মানি লওঁ, তেতিয়া ইয়াৰ কাৰণসমূহ চাবলৈ বাট মুকলি হয়। কিয় এই ভুল হ’ল, কি কৰিলে ইয়াৰ পুনৰাবৃত্তি নহ’ব এই চিন্তাই আমাক জীৱনত আগবঢ়ি যোৱাত সহায় কৰে। এনেদৰে প্ৰত্যেকটা ভুলেই আমাক আগতকৈ বেছি জ্ঞানী আৰু সচেতন কৰি তোলে।
আমাৰ সম্পৰ্কৰ ক্ষেত্ৰতো ভুল স্বীকাৰৰ গুৰুত্ব অপৰিসীম। সংসাৰত, বন্ধুত্বত বা কাৰ্য্যক্ষেত্ৰত আমি আমাৰ প্রিয়জনৰ সৈতে অনিচ্ছাকৃতভাৱে কিছুমান ভুল কৰিয়েই থাকো। এনে ক্ষেত্ৰত অহংকাৰী আৰু অভিমানৰ বাবে মৌনতা ধৰি ৰখাটোৱে সম্পৰ্কত কেৱল বাধাৰ প্রাচীৰহে গঢ়ি তোলে। ভুল স্বীকাৰ কৰাৰ মাজতেই যে নিহিত হৈ থাকে সম্পৰ্ক মৰমেৰে সেউজীয়া কৰি ৰখাৰ মহাশক্তি সেই কথাটো পাহৰি থাকোঁ আমি । ইয়ে এটা দুৱাৰ মুকুলি কৰি সম্পৰ্কক আগতকৈও দৃঢ় আৰু শক্তিশালী কৰে।
এক কথাত ক’বলৈ গ’লে, ভুল স্বীকাৰ কৰাটো কোনো দুর্বলতাৰ চিন নহয়। ইয়াৰ বাবে প্ৰয়োজন হয় অসম্ভব সাহস আৰু আত্মবিশ্বাস। ই আমাক আমাৰ নিজৰ সৈতে আৰু সমাজৰ সৈতে সত্যতা ৰক্ষা কৰিবলৈ শিকায়।
ভুলক বন্ধু হিচাপে গ্ৰহণ কৰি, ইয়াৰ পৰা শিক্ষা লওঁ আহক। কিয়নো, যিজনে নিজৰ ভুল মানি ল’ব পাৰে, তেওঁয়েই হ’ল প্ৰকৃত অৰ্থত জ্ঞানী আৰু শক্তিশালী ব্যক্তি। ভুল স্বীকাৰেই হ’ল এক উজ্জ্বল ভৱিষ্যত গঢ়াৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ।