ভুল
জেফলিন চুলতানা, নগাঁও
লক্ষ্য তাইৰ আকাশ চুবৰ
দিনটো কল্পনাবিহীন কষ্ট কৰে
তথাপিও দৰিদ্ৰতা নুগুছেই নুগুছে
বহু মানুহে ককৰ্থনাও কৰে ।
ভুল কৰিও
শিক্ষা গ্ৰহণ কৰে
জীৱন নামৰ পাতখিলা আৰু
কপালখনত কি লিখা আছে তাই নাজানে
মাথোঁ এটা কথাই জানে
কেতিয়াও অহংকাৰী হ’ব নিবিচাৰে ।
তাই কেতিয়াবা ভাবে …..!!
স্বাক্ষৰিত দলিলত মোহৰ মাৰি
যেন তাইৰ জীৱনটো সলনি হ’ব ধৰিছে
তথাপিও তাই বিশ্বাসী
এদিন তাইৰ ভুল ত্ৰুটি মাৰ্জনাৰে
জীৱনত সফলতাই মাৰিব মিচিকিয়া হাঁহি ।
কোনোবা ক্ষেত্ৰত ভুল হ ‘লেই আঁতৰি যাব নালাগে
গোলাপ ফুলতো কাঁইট থাকে
তথাপিওচোন গোলাপ ফুলে ভালপোৱাৰ সূচনা দিয়ে
ভুল কৰাটো অপৰাধ নহয়
কিন্তু ভুল জানিও প্ৰকাশ নকৰাটো মহা অপৰাধ ।