ভুল চিকিৎসাৰ বলি হৈ প্ৰসুতি মহিলা অধ্যাপিকাৰ মৃত্যু

Pc The Janambhumi

ভুল চিকিৎসাৰ বলি হৈ প্ৰসুতি মহিলা অধ্যাপিকাৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ভুল চিকিৎসাৰ বলি হৈ গৰ্ভৱতী মহিলা অধ্যাপিকাৰ মৃত্যু।নলবাৰীৰ শুশ্ৰুষা হাস্পতালত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ ৰুমী কাকতিৰ আকস্মিক মৃত্যুক লৈ কালি নিশা উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।সন্তান জন্মৰ সময়ত সকলো ঠিকে থকা অধ্যাপিকাৰ পিছদিনা আকস্মিক মৃত্যু হোৱাত পৰিয়ালৰ লোকসকলৰ মাজত হাহাকাৰ লাগে।অধ্যাপিকাগৰাকীৰ আকষ্মিক বিয়োগক লৈ পৰিয়ালৰ লোকে হাস্পতালৰ চৌহদত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে।চিকিৎসকে অতি হেমাহিৰে চিকিৎসা কৰাৰ অভিযোগ উত্থাপন কৰিছে অধ্যাপিকাগৰাকীৰ স্বামী জয়ন্ত কলিতাই।স্বামী তথা আত্মীয়ৰ অভিযোগ মতে, হাস্পতালখনৰ চিকিৎসক ডাঃ জয়ন্ত দাসৰ ভুল চিকিৎসাৰ বাবে অধ্যাপিকা ৰুমী কাকতিয়ে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয়।মহিলা গৰাকীৰ পৰিয়ালৰ লোকে জনোৱা মতে প্ৰসুতিজনিত কাৰণত সহকাৰী অধ্যাপিকা গৰাকীক তিনিদিন পূৰ্বে চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল।২৫ আগষ্টৰ পুৱাৰ ভাগত মহিলাগৰাকীৰ সুকলমে এটি পুত্ৰ সন্তান জন্ম হয়।২৫ আগষ্টৰ দিনটোত মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সকলো ঠিকে থাকে আছিল যদিও ২৬ আগষ্টত মহিলা গৰাকীৰ ব্লাড প্ৰেছাৰ বৃদ্ধি পোৱাত তেওঁক চিকিৎসকে আই চি ইউত ভৰ্তি কৰায়।কিন্তু সন্ধিয়াৰ ভাগত হঠাতে চিকিৎসালয় কতৃপক্ষই মহিলা গৰাকীৰ মৃত্যু হোৱাৰ খবৰ দিয়ে।উল্লেখযোগ্য যে, এদিনিয়া শিশুটি এৰি মাতৃ গৰাকীৰ মৃত্যু হোৱাত পৰিয়ালৰ লোকৰ লগতে হাস্পতাল আৰু অঞ্চলটোৰ লোকৰ মাজত এক শোকাকুল পৰিৱেশে আৱৰি ধৰিছে।