ভুলবোৰৰ পৰা শিক্ষা ল’লেহে নিজৰ কৰ্ম দক্ষতা বৃদ্ধি হয়
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আমি জন্ম গ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি একেবাৰে আমাৰ মৃত্যুৰ অন্তিম দিনলৈকে সদায় শিক্ষা আহৰণ কৰি গৈ থাকো। এতিয়া কথা হ’ল যিকোনো বিষয়-বস্তুবোৰে বেয়া নে ভাল তাৰ আভাস আমাক হয়তো আমি আনৰ পৰা দেখি গম পাব পাৰি নহ’লে নিজে সেইবোৰ সমস্যা বা বিষয় -বস্তুবোৰৰ ওপৰত সোমাই বা সংগ্ৰাম কৰি উঠি গম পাব পাৰি। কিন্তু বৰ্তমান সময়তো ইমান ব্যস্ততাৰ সময়ত বা অতি দূৰ্ত গতিত গতি কৰা পৰিবেশ আৰু পৰিস্থিতিৰ বিষয়ে আমি নিজে সকলো ক্ষেত্ৰতে ভুল কৰি উঠি শিক্ষা আহৰণ কৰিবলৈ আমাৰ হাতত সময়ৰ বহু অভাৱ হোৱা পৰিলক্ষিত হয়। সেয়েহে কিছুমান ক্ষেত্ৰত নিজৰ ভুলৰ পৰা আৰম্ভ কৰি পৰাপক্ষত আনে কৰি অহা বা কৰি থকা ভুলবোৰৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি শিক্ষা গ্ৰহণ প্ৰতি অগ্ৰসৰ হোৱা উচিত। তথাপিও নিজৰ জৰিয়তে জীৱন কৰি অহা ভুলবোৰৰ পুনৰাবৃত্তি নকৰাকৈ কেনেকৈ জীৱনক আগুৱাই লৈ যাব পাৰি তাৰে অতি ক্ষিপ্ৰ গতিত জ্ঞান আহৰণ কৰা উচিত হ’ব। অৰ্থাৎ মোৰ কোৱাৰ তাৎপৰ্য এইটোৱে যে,ভুলবোৰৰ পৰা শিক্ষা ল’লেহে নিজৰ কৰ্ম দক্ষতা বৃদ্ধি হয়।আচলতে এই জগতখনত বৰ্তমান সময়ছোৱালৈকে যিমানবোৰ মানুহে নিজ নিজ দিশত বহু সফলতা লাভ কৰিবলৈ সক্ষম হৈছে তেখেতসকলৰ মাজৰ বেছিভাগ মানুহে জীৱনত বহু কঠোৰ সংগ্ৰাম,সংঘৰ্ষ মোকাবিলা কৰিবলগীয়া হৈছিল বা হৈছে। কিন্তু তেখেতসকলে জীৱনৰ প্ৰতিটো দিশতে পদে পদে নিৰন্তৰভাবে শিক্ষা আহৰণ কৰি গৈছিল বা গৈ আছে। গতিকে আপোনালোকে নিজে ভাবি চাওঁক বৰ্তমানলৈ সফলতাৰ শিখৰত উপনীত হোৱা ব্যক্তিসকলে যদি একেটা ভুলবোৰকে যদি পুনৰাবৃত্তি কৰি গৈ থাকিলে হয় তেন্তে তেখেতসকল আজি সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হলহেতেনে নে ? আমি যদি জীৱনত বৰ্তমান সময়ত যিখিনি ঠাইত উপস্থিত হৈ আছোঁ তাৰে পৰা যদি আৰু অধিক ওপৰলৈ অগ্ৰসৰ হ’বলৈ হ’লে,হয় আমি আনৰ পৰা দেখি নহ’লে নিজে জীৱনত ঠেকাবোৰ খাই অৰ্থাৎ ভুলবোৰৰ পৰা শিক্ষা আহৰণ কৰি গৈ থাকিলেহে এসময়ত গৈ গৈ সফলতাৰ মুখ দেখিবলৈ সক্ষম হ’ম। একেবাৰে অতি কম সময়তে বহু সফলতা অৰ্জন কৰাৰ কেতিয়াও সপোন নেদেখিব। কাৰণ প্ৰথম অবস্থাত আমি কৰি অহা বা আমি দেখিবলৈ পোৱা ভুলবোৰৰ পৰা শিক্ষা আহৰণ কৰি গৈ থাকিলে আমাৰ কৰ্ম দক্ষতা বৃদ্ধি হয় আৰু এনেদৰে লাহে লাহেকৈ এসময়ত গৈ আমি নিজে কৰি থকা যিকোনো দিশতেই সফলতা অৰ্জন কৰিবলৈ সক্ষম হ’ম।