ভি এল চি চি ডিব্ৰুগড় কেন্দ্রৰ বৰ্ষপূৰ্তি উদযাপন

ভি এল চি চি ডিব্ৰুগড় কেন্দ্রৰ বৰ্ষপূৰ্তি উদযাপন::ফিটা কাটি শুভ উদ্বোধন কৰে বিধায়ক প্ৰশান্ত ফুকনে

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন চহৰত সফলতাৰে ব্যৱসায় চলাই থকা সৌন্দৰ্য্য আৰু স্বাস্থ্যসেৱাৰ কেন্দ্ৰ ভি এল চি চিয়ে ঐতিহ্যমণ্ডিত চহৰ ডিব্ৰুগড়ৰ চৌকিডিঙিত যোৱাবছৰ আৰম্ভ কৰা কেন্দ্ৰটোৰ বৰ্ষপূৰ্তিৰ দিনটো গ্ৰাহক,শুভাকাংক্ষী আৰু সদস্য সকলৰ সৈতে উলহমালহেৰে ১৪ অক্টোবৰত উদযাপন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে কেন্দ্ৰটোত উত্তৰপূৰ্বাঞ্চলৰ প্ৰথম অত্যাধুনিক’লেজাৰ হেয়াৰ ৰিমোভাৰ(কষ্ট বিহীন)’ মেচিনটো ফিটা কাটি শুভউদ্বোধন কৰি কয় যে ডিব্ৰুগড়ত সৌন্দৰ্য্য চৰ্চাৰ এই কেন্দ্ৰটোৱে সৌন্দৰ্য্য আৰু ৰূপচৰ্চা পিয়াসী সকলৰ প্ৰয়োজন সমূহ নতুন নতুন ,সুস্থ ,স্বাস্থ্যসন্মতভাৱে সেৱা আগবঢ়াই যাব।তেখেতে কেন্দ্ৰটোৰ স্বত্বাধিকাৰীৰ শলাগ আৰু শুভকামনা জ্ঞাপন কৰে। উপস্থিত গ্ৰাহক,কৰ্মচাৰীবৃন্দ আৰু শুভাকাংক্ষীৰ সৈতে কেক কাটি বৰ্ষপূৰ্তিৰ দিনটো উদযাপন কৰে জাফৰিনা ইছলামে। এক সংবাদমেল সম্বোধন কৰি দিল্লীৰ পৰা ভি এল চি চিৰ উৰ্ধতম কৰ্তৃপক্ষৰ প্ৰতিনিধি আৰু উত্তৰপূৰ্বাঞ্চলৰ মূৰব্বী নিছু কুমাৰ গুপ্তা, কাৰিকৰী বিভাগৰ সঞ্চালিকা পুনম পাঠকে ডিব্ৰুগড়ৰ কেন্দ্ৰটোৱে যোৱা বছৰটোত পোৱা গ্ৰাহকৰ সঁহাৰি আৰু সমান্তৰালভাৱে কৰা ব্যৱসায়ৰ বাবে মালিকপক্ষ আৰু কাৰিকৰী সহায়কাৰী সকলক অভিনন্দন জনায়। নতুনকৈ স্থাপন কৰা মেচিনটোৰ উপকাৰিতাৰ বিষয়ে সংবাদ মাধ্যমৰ জৰিয়তে গ্ৰাহক সকলক জনায় আৰু দূৰৰ অন্য কেন্দ্ৰলৈ নোযোৱাকৈ সেৱা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰৰ মালিকপক্ষৰহৈ জাফৰিনা ইছলাম আৰু ডাঃ জিয়াউল ইছলামে সকলো গ্ৰাহক আৰু শুভাকাংক্ষীক বিগত বছৰৰ সহযোগৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতেও সেৱা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।সংবাদমেলত কাৰিকৰী বিশেষজ্ঞ চনু শৰ্মায়ো বিভিন্ন দিশত বক্তব্য ৰাখে।