ভিবি-জি ৰাম জী বিলত অনুমোদন জনালে ৰাষ্ট্ৰপতি মুৰ্মুৱে
ৰঙিলী বাৰ্ত্তাসেৱা- আইনত পৰিণত হ’ল বিকশিত ভাৰত-নিয়োগ আৰু জীৱিকা অভিযান (গ্ৰাম্য) নিশ্চয়তা বিধেয়ক, ২০২৫ (ভিবি-জি ৰাম জী বিল)। বিৰোধীৰ প্ৰতিবাদৰ মাজতো সংসদৰ দুই সদনত গৃহীত হোৱাৰ পিছত এই ভিবি-জি ৰাম জী বিলত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুমোদন জনায়। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ লগে লগে এই বিধেয়কখন এতিয়া নতুন আইনত পৰিণত হ’ল। এই আইনখনে গ্রাম্য পৰিয়ালসমূহৰ বাবে প্রতি বিত্তীয় বর্ষত বিধিগত মজুৰিসহ নিয়োগৰ নিশ্চয়তা ১২৫ দিনলৈ বৃদ্ধি কৰিব। আইনখনে সবলীকৰণ, সর্বাংগীণ বিকাশ, উন্নয়নমূলক পদক্ষেপসমূহৰ অভিসৰণ আদি দিশসমূহক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হৈছে। যাৰ ফলত এখন সমৃদ্ধিশালী, স্থিতিস্থাপক আৰু স্বাৱলম্বী গ্রাম্য ভাৰতৰ ভেটি শক্তিশালী কৰি তুলিব পৰা যাব। ইয়াৰ পূর্বে সংসদে ভাৰতৰ গ্ৰাম্য নিয়োগ আৰু উন্নয়নৰ কাঠামোত নিৰ্ণায়ক সংস্কাৰ সাধনৰ লক্ষ্যৰে উত্থাপন কৰা বিকশিত ভাৰত-নিশ্চিত ৰোজগাৰ আৰু আজীবিকা মিছন (গ্রামীণ) বিধেয়ক গৃহীত কৰিছিল। এই আইনখনে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (এমজিএনৰেগা) ২০০৫ৰ ঠাইত জীৱিকাৰ সুৰক্ষা বৃদ্ধি কৰিব পৰাকৈ আধুনিক বিধিগত কাঠামোৰ সৃষ্টি কৰিছে। এই আইনখন বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীৰ সৈতে ৰজিতা খুৱাই প্ৰস্তুত কৰা হৈছে। সবলীকৰণ, বৃদ্ধি, অভিসৰণ আৰু পৰিপূৰকতাৰ নীতিৰ ভিত্তিত প্রতিষ্ঠিত এই আইনখনে গ্রাম্য নিয়োগক এক স্বতন্ত্র কল্যাণমূলক হস্তক্ষেপৰ পৰা উন্নয়নৰ এক সংহত আহিলালৈ ৰূপান্তৰিত কৰিব বিচাৰিছে। ই গ্রাম্য পৰিয়ালসমূহৰ আয়ৰ সুৰক্ষা নিশ্চিত কৰিব, শাসন ব্যৱস্থা আৰু জবাবদিহিতাক আধুনিক দৃষ্টিভংগীৰে চোৱাৰ অৱকাশ দিব আৰু বিধিগত মজুৰিসহ নিয়োগক স্থায়ী তথা উৎপাদনশীল গ্রাম্য সম্পত্তি সৃষ্টিৰ সৈতে সংযোগ কৰিব। ইয়াৰ ফলত এক সমৃদ্ধিশালী আৰু স্থিতিস্থাপক গ্রাম্য ভাৰতৰ ভেটি স্থাপন কৰা সম্ভৱ হৈ উঠিব। এই আইনখনৰ ধাৰা ৫(১)ৰ অধীনত যিবোৰ পৰিয়ালত প্রাপ্তবয়স্ক সদস্যই স্বেচ্ছাই হাতেৰে কৰা অদক্ষ কাম কৰিব বিচাৰে, সেইবোৰ পৰিয়ালক প্রতিটো বিত্তীয় বর্ষত কমেও ১২৫ দিনৰ বিধিগত মজুৰিসহ নিয়োগৰ নিশ্চয়তা প্রদান কৰিব। পূৰ্বৰ ১০০ দিনৰ কামৰ লাভৰ সুবিধাৰ সলনি কৰ্মদিনৰ এনে বৃদ্ধিয়ে গ্রাম্য পৰিয়ালসমূহৰ বাবে জীৱিকাৰ সুৰক্ষা, কামৰ নিশ্চিতি আৰু আয়ৰ সুস্থিৰতাক যথেষ্ট শক্তিশালী কৰিব।তদুপৰি, এই আইনখনে ৰাষ্ট্ৰীয় উন্নয়নত অধিক ফলপ্রসূ তথা অর্থপূর্ণভাৱে অৰিহণা যোগা বলৈ সক্ষম হ’ব। আইনখনৰ ৬নং ধাৰাৰ অধীনত বীজ সিঁচা আৰু শস্য চপোৱাৰ সময়ত কৃষি শ্রমিকৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ এই আইনখনে ৰাজ্যসমূহক বিত্তীয় বর্ষত ষাঠি দিনলৈকে মুঠ কর্মবিৰতিৰ সময়সীমা সন্দৰ্ভত জাননী জাৰি কৰাৰ কর্তৃত্ব প্রদান কৰিছে। সম্পূৰ্ণ ১২৫ দিনৰ নিয়োগৰ নিশ্চয়তা অক্ষত থাকিব, বাকী সময়ছোৱাত কর্মবিৰতি প্ৰদান কৰা হ’ব, যাতে কৃষি উৎপাদনশীলতা আৰু শ্রমিকৰ সুৰক্ষা উভয়কে সমর্থন কৰা মানাংকিত ভাৰসাম্য নিশ্চিত কৰিব পৰা যায়। আইনখনৰ ধাৰা ৫(৩)ৰ অধীনত সাপ্তাহিক ভিত্তিত বা যিকোনো ক্ষেত্রতে কাম সম্পূৰ্ণ হোৱাৰ পোন্ধৰ দিনৰ ভিতৰত মজুৰি আদায় দিয়াটো বাধ্যতামূলক কৰিছে। নির্দিষ্ট সময়তকৈ পলম হ’লে দ্বিতীয় তফছিলত উল্লেখ কৰা বিধান অনুসৰি বিলম্বৰ বাবে ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব, যিয়ে মজুৰিৰ সুৰক্ষাক শক্তিশালী কৰিব আৰু শ্রমিকসকলক মজুৰি লাভৰ বিলম্বৰ পৰা ৰক্ষা কৰিব। আইনখনৰ অধীনত মজুৰিসহ নিয়োগৰ চাৰিটা অগ্রাধিকাৰ বিষয়ভিত্তিক ক্ষেত্ৰত ৰাজহুৱা সম্পদ সৃষ্টিৰ বিষয়ত জোৰ দিয়া হৈছে। ইয়াৰ অধীনত জল সুৰক্ষা আৰু পানী সম্পর্কীয় কাম, মূল গ্রাম্য আন্তঃগাঁথনি, জীৱিকা সম্পর্কীয় আন্তঃগাঁথনি, প্রতিকূল বতৰৰ পৰিঘটনা লাঘৱ কৰিবলৈ কাম কৰা নিশ্চিত কৰিব। সকলো কামৰ পৰিকল্পনা তলৰ পৰা ওপৰলৈ বিশেষ প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হয় আৰু সৃষ্টি কৰা সকলো সম্পদক বিকশিত ভাৰত ৰাষ্ট্ৰীয় গ্ৰাম্য আন্তঃগাঁথনিৰ সৈতে একত্ৰিত কৰা হয়। যাৰ ফলত ৰাজহুৱা বিনিয়োগৰ অভিসৰণ নিশ্চিত কৰাটো সম্ভৱ হৈ উঠাৰ লগতে খণ্ডিতকৰণ এৰাই চলা আৰু বিভিন্ন স্থানীয় প্রয়োজনীয়তাৰ বিষয়ত ভিত্তি কৰি জটিল গ্রাম্য আন্তঃগাঁথনিৰ সৈতে একত্ৰিত কৰা হয়। যাৰ ফলত ৰাজহুৱা বিনিয়োগৰ অভিসৰণ নিশ্চিত কৰাটো সম্ভৱ হৈ উঠাৰ লগতে খণ্ডিতকৰণ এৰাই চলা আৰু বিভিন্ন স্থানীয় প্রয়োজনীয়তাৰ বিষয়ত ভিত্তি কৰি জটিল গ্রাম্য আন্তঃগাঁথনিৰ পৰিপূৰক হিচাপে ফলাফলভিত্তিক পৰিকল্পনা কৰাটোও সম্ভৱ হ’ব। সকলো কামৰ উৎপত্তি বিকশিত গাঁও পঞ্চয়ত পৰিকল্পনা (ভিজিপিপি)ৰ পৰা হয়, যিবোৰ গাঁও পঞ্চয়ত পর্যায়ত অংশগ্রহণমূলক প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰস্তুত কৰা হয় আৰু গাঁওসভাৰ দ্বাৰা অনুমোদন জনোৱা হয়। এই পৰিকল্পনাসমূহক পিএম গতিশক্তিকে ধৰি ৰাষ্ট্ৰীয় মঞ্চসমূহৰ সৈতে ডিজিটেলী সংযুক্ত কৰা হৈছে। ফলত বিকেন্দ্রীকৃতভাবে সিদ্ধান্ত গ্রহণ কৰাটো সম্ভৱ হৈ উঠাৰ লগতে এইক্ষেত্ৰত চৰকাৰৰ অভিসৰণো সক্ষম কৰি তুলিব পৰা গৈছে। এই সংহত পৰিকল্পনাৰ কাঠামোৰ অধীনত মন্ত্রালয় তথা বিভাগসমূহক অধিক ফলপ্রসূভাৱে কামৰ পৰিকল্পনা প্রস্তুত আৰু সেইবোৰৰ ৰূপায়ণ কৰা, ৰাজহুৱা সম্পদৰ অপচয় এৰাই চলা আৰু সম্পূর্ণ প্রাপ্তিভিত্তিক ফলাফলৰ জৰিয়তে উন্নয়নক ত্বৰান্বিত কৰাত বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। এই আইনখন কেন্দ্রীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনি হিচাপে কাৰ্যকৰী কৰা হয়। আইনখনৰ বিধান অনুসৰি ৰাজ্য চৰকাৰসমূহে আইনখনৰ বিষয়ে বিধিগত পদক্ষেপ গ্রহণ কৰি ইয়াক কাৰ্যকৰী কৰিব।উল্লেখ্য যে বিকশিত ভাৰত-নিশ্চিত ৰোজগাৰ আৰু আজীৱিকা মিছন (গ্রামীণ) বিধেয়ক ২০২৫ গৃহীত হোৱাৰ কথাই ভাৰতৰ গ্ৰাম্য নিয়োগ নিশ্চয়তাৰ এক উল্লেখযোগ্য পদক্ষেপক প্রতিফলিত কৰিছে। বিধিগত নিয়োগক ১২৫ দিনলৈ সম্প্ৰসাৰণ কৰি বিকেন্দ্ৰীকৃত আৰু অংশগ্রহণমূলক পৰিকল্পনাক সন্নিৱিষ্ট কৰি, জবাবদিহিতাক শক্তিশালী কৰাৰ লগতে অভিসৰণ আৰু পৰিপূৰকতাভিত্তিক উন্নয়নক প্রতিষ্ঠানিকৰণ কৰি আইনখনে গ্রাম্য নিয়োগক সবলীকৰণ, সর্বাংগীণ বৃদ্ধি আৰু এক সমৃদ্ধিশালী তথা স্থিতিস্থাপক গ্ৰাম্য ভাৰতৰ সৃষ্টিৰ এক কৌশলগত আহিলা প্রদান কৰিছে, যি কথাই বিকশিত ভাৰত @২০৪৭ৰ দৃষ্টিভংগীকে প্রতিফলিত কৰিছে।
