ভিন্ন মানুহৰ মানসিকস্থিতি ভিন্ন
(সঁচা অনুভৱৰ ভিত্তিত)
প্ৰাণ প্ৰতিমা বড়া
অধিবক্তা তথা লেখিকা
গুৱাহাটী
( খণ্ড—২)
মানুহৰ প্ৰকৃতি আৰু স্বভাৱ মানুহৰ মনঃস্তত্ত্বৰ ওপৰত নিৰ্ভৰ কৰে ৷ পুৰুষেই হওঁক বা মহিলাই হওঁক স্বাভাৱিকতে দেখা মানুহৰ মনৰ স্থিতি অস্বাভাৱিকও হব পাৰে ৷ কায়িকভাৱে দেখা মানুহৰ মনৰ ভিতৰখন বেলেগ প্ৰকৃতিৰো হব পাৰে ৷ ই একো অস্বাভাৱিক কথা নহয় ৷
* আমি লগ পোৱা এনে কিছুমান মানুহ আছে যিসকল দেখাত সভ্য, সৎ -অমায়িক , তেনে মানুহৰ মানসিক অৱস্থাতো বুজিবলৈ কেতিয়াবা বহুত জটিল হৈ পৰে ৷ এনেচাম মানুহে কথা কমকৈ কয় অথবা এনে মানুহে মনৰ মাজত এখন ভাৰ্ছুৱেল পৃথিৱী এখন নিজৰ বাবে সজাই ৰাখে ৷ এনে মানুহ দেখাত যথেষ্ট ভদ্ৰ আমি অমায়িক কিন্তু এনে মানুহ সময়সাপেক্ষে বিশ্বাসী নহয় ৷ এনে স্বভাৱৰ মানুহে মনৰ মাজত আনৰ প্ৰতি লোলপ অথবা কামুক প্ৰকৃতিৰ হৈ পৰে ৷ এনে স্বভাৱৰ মানুহ অতিকৈ স্বাৰ্থপৰ আৰু নিলাজ হয় ৷ এনে স্বভাৱৰ মানুহে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অনৈতিক কাম অথবা অসামাজিক কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে ৷ এনে মানসিকস্থিতিৰ মানুহে নিজকে মুখাৰ আঁৰৰ মুখ এটা ৰাখি জীয়াই থাকে ৷ এনে মানুহ কাৰোৰে আপোন হব নোৱাৰে ৷ সকলোবোৰ মানুহৰ মাজত আপোন হৈ দেখুৱাই ৷ নিজৰ পিতৃ-মাতৃ , ককাই-ভাইৰ লগতো এনেকুৱা অভিনয় কৰি থাকে যে তেওঁতকৈ আপোন আৰু কোনো নাই ৷ কিন্তু এনে প্ৰকৃতিৰ লোকে স্বাৰ্থৰ বাবে নিজৰ সংসাৰখনকো অৱহেলা কৰি চলে ৷ স্বামীয়ে পত্নীৰ অথবা পত্নীয়ে স্বামীৰ সৎস্বভাৱ আৰু সৎ গুণবোৰতো আসোঁৱাহ দেখি পায় কিয়নো তেওঁলোকৰ মনৰ ভিতৰত আন পুৰুষ অথবা মহিলাৰ প্ৰতি অসৎ মনোভাৱ পুহি ৰাখে ৷ এনে স্বভাৱৰ মানুহ বৰ ভয়ংকৰ লগতে বিশ্বাসঘাতক হয় ৷ এইচাম মানুহে আনৰ সুখ-দুখৰ কথা কেতিয়াও ভাবিব নোৱাৰে ৷
* এনে এবিধ মানুহ আছে যিসকল দেখাত গহীন-গম্ভীৰ অথবা বুজন মনৰ হয় ৷ এনেচাম মানুহে কাৰোঁ অপকাৰ নকৰে আনৰ উপকাৰৰ কথাও নাভাবে ৷ নিজৰ কৰ্মক লৈ ব্যস্ত থাকে ৷ নিজৰ পৰিয়ালৰ প্ৰতি দায়িত্ববোধেই তেওঁলোকৰ আচল কৰ্তব্য বুলি ভাবে ৷এইচাম মানুহৰ সন্মুখত আনে বেয়া কৰ্ম কৰি থাকিলেও মাত নামাতে কিয়নো এইচাম মানুহ সমাজৰ বাবে দায়িত্ববোধ কম হয় ৷
* মানুহৰ মানসিক স্থিতি কোনো কাৰোৰে লগত নিমিলে ৷ দৈনন্দিন দেখি থকা মানুহৰ মানসিক স্থিতিৰ বুজ লোৱাৰ মানসেৰে আমি কাষৰেপৰা লগ পোৱা মানুহৰ মানসিকতা বুজ লৈ সঁচা অনুভৱ কিছু আগবঢ়াবলৈ আমাৰ প্ৰয়াস ৷
আমি দৈনন্দিন জীৱনত লগ পোৱা এচাম মানুহ আছে যিসকল অত্যাধিক স্বাৰ্থপৰ হয় ৷ এইচাম মানুহ নিজৰ বাদে কাকো চিনি নাপায় ৷ নিজৰ সন্তান, নিজৰ পৰিয়ালৰ প্ৰতি দায়িতৎবোধৰ কথা নাভাবে ৷ মাত্ৰ নিজৰ স্বাৰ্থ আৰু নিজৰ ভাললগা কামবোৰত মনোনিৱেশ দিয়ে ৷ এইচাম মানুহৰ কৰ্মৰ দ্বাৰা আনৰ সুখ-দুখ যে নিৰ্ভৰ কৰে তাক লৈ তেনে লোকসকলে কেতিয়াও মনোনিৱেশ নকৰে ৷ এইচাম মানুহ অতিকৈ স্বাৰ্থপৰ আৰু আত্মকেন্দ্ৰিকতাৰ মাজত বাস কৰে ৷ নিজৰ স্বাৰ্থৰ বাবে আনৰ ওচৰত সৰু হৈ পৰিব পাৰে ৷ তেওঁলোকৰ কৰ্মৰ বাবে অথবা তেওঁলোকৰ তেনে স্বভাৱৰ বাবে তেওঁলোকৰ একেবাৰে কাষত থকা মানুহবোৰেও কষ্ট পায় ৷ কিন্তু এইচাম মানুহে আনৰ আৱেগক লৈ কোনো ভ্ৰূক্ষেপ নকৰে ৷
