ভিডিঅ’ কনফাৰেঞ্চযোগে জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

 ভিডিঅ’ কনফাৰেঞ্চযোগে জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনৰ সভাকক্ষৰ পৰা ভিডিঅ’ কনফাৰেঞ্চযোগে জিলা আযুক্তসকলৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত মিছন বসুন্ধৰা ৩.০, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰু অৰুণোদয় ৩.০ৰ ফলপ্রসূ ৰূপায়ণৰ দিশত বর্তমানলৈকে হোৱা অগ্রগতিকে ধৰি বিভিন্ন দিশ মুখ্যমন্ত্রী ড° শর্মাই বিতংভাৱে পৰ্যালোচনা কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই বৈঠকত মিছন বসুন্ধৰা ৩.০ৰ বাবে বৰ্তমানলৈকে লাভ কৰা আবেদন, জিঅ’ টেগিং আদিকে ধৰি বিভিন্ন দিশত হোৱা অগ্ৰগতিৰ খতিয়ান জিলা আয়ুক্তসমূহৰ পৰা লৈ নিৰ্ধাৰিত সময়সূচী অনুসৰি এই আঁচনিখন যাতে ৰূপায়ণ হয় সেয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ প্রদান কৰে। আনহাতে, বৈঠকত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ১.০ৰ অধীনত স্বাৱলম্বী হোৱাৰ দিশত আগবাঢ়ি অহা যুৱক-যুৱতীসকলক প্রশিক্ষণ প্রদান আদিকে ধৰি বিভিন্ন বিষয়ত হোৱা অগ্রগতিৰো বুজ লয়।

তদুপৰি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০ৰ বাবে জিলাসমূহে লাভ কৰা আবেদনৰ খতিয়ান লৈ প্রার্থীসকলৰ নিৰ্বাচন প্ৰক্ৰিয়াটো অতিশীঘ্ৰে সম্পূৰ্ণ কৰাত গুৰুত্ব আৰোপ কৰে। এই বৈঠকত অৰুণোদয় ৩.০ ৰূপায়ণ সন্দৰ্ভতো জিলা আযুক্তসকলৰ সৈতে মুখ্যমন্ত্রী ড° শৰ্মাই বিতংভাৱে আলোচনা কৰে। এই আঁচনিখনে যাতে ৰাজ্যখনৰ এক বৃহৎ পৰিসৰৰ জনসাধাৰণক সামৰি ল’ব পাৰে সেই উদ্দেশ্যে হিতাধিকাৰী নিৰ্বাচন, তথ্যসমূহৰ ডিজিটেলাইজেচন আদিৰ জিলাভিত্তিক অগ্ৰগতিৰ খতিয়ান লৈ সময় নিৰ্ধাৰিতভাৱে সকলো প্রক্রিয়া সম্পূর্ণ কৰিবলৈ মুখ্যমন্ত্রী ড° শৰ্মাই নির্দেশ দিয়ে। অৰুণোদয় ৩.০ আঁচনিখন যাতে বিটিআৰ অঞ্চলতো সুষমভাৱে ৰূপায়ণ হয় সেই দিশতো মুখ্যমন্ত্রী ড° শৰ্মাই বিশেষ গুৰুত্ব আৰোপ কৰে। বিটিআৰ অঞ্চলৰ অন্তৰ্গত জিলা পাঁচখনৰ জিলা আয়ুক্তসকলক এই দিশত হিতাধিকাৰীৰ তালিকা প্ৰস্তুতকৰণ আদিকে ধৰি প্ৰয়োজনীয় সকলো পদক্ষেপ সময় নির্ধাৰিতভাৱে সম্পূর্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। উক্ত এই বৈঠকত বিত্তমন্ত্রী অজন্তা নেওগ, উদ্যোগ মন্ত্রী বিমল বড়া, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ উপৰি মুখ্য সচিব ড° ৰবি কোটা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড° কে কে দ্বিবেদী আৰু বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে।