ভিক্টৰ দাসৰ সপক্ষে মাত মাতিছে বিদ্যালয়ৰ অভিভাৱকে

ভিক্টৰ দাসৰ সপক্ষে মাত মাতিছে বিদ্যালয়ৰ অভিভাৱকে

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে।আনহাতে ভিক্টৰ দাস প্ৰকৃততে অসম চৰকাৰৰ অধীনৰ এজন টে’ট শিক্ষক বুলি জানিব পৰা গৈছে৷দুটাকৈ ক’চিং চেণ্টাৰ পৰিচালনা কৰা ভিক্টৰৰ পৰিচয় প্ৰাথমিক বিদ্যালয়ৰ টে’ট শিক্ষক৷ আৰক্ষীৰ হাতত পৰা তথ্য অনুসৰি ভিক্টৰ দাসে ২০২১ চনৰ পৰা কমলপুৰৰ পূব পানীটেমা ৰাধাকৃষ্ণ যুগল মিলন প্ৰাথমিক বিদ্যালয়ত চৰকাৰী শিক্ষক হিচাপে চাকৰি কৰি আছে৷এই বিদ্যালয়ত যোগ দিয়াৰ পূৰ্বে তেওঁ মালিগাঁৱৰ আন এখন বিদ্যালয়ত কৰ্মৰত আছিল৷আনহাতে চৰকাৰী চাকৰিয়াল হৈয়ো ক’চিং চেণ্টাৰ চলাই থকা বিষয়টোও এতিয়া আৰক্ষীয়ে তদন্তৰ আওতালৈ অনা বুলি জানিব পৰা গৈছে৷ইফালে স্থানীয় জনতাই আৰক্ষীক ভিক্টৰ দাসৰ বিদ্যালয়ত উপস্থিতি অনিয়মীয়া বুলি অভিযোগ কৰাৰ কথাও জানিব পৰা গৈছে৷তেওঁ প্ৰায়ে সঠিক সময়ত বিদ্যালয়ত উপস্থিত নহয় আৰু শ্ৰেণীকোঠাত থকাৰ সময়তো ক’চিং চেণ্টাৰৰ অনলাইন ক্লাছ লৈ থকাৰ গুৰুতৰ অভিযোগ উঠিছে৷কিন্তু ইয়াৰ মাজতে ভিক্টৰ দাসৰ সপক্ষে মাত মাতিছে বিদ্যালয়ৰ অভিভাৱক সকলে।ভিক্টৰ দাস এজন সফল শিক্ষক বুলি অভিহিত কৰি অতি সোনকালে আইনী মেৰপেচৰ পৰা ভিক্টৰ দাসক মুকলিৰ দাবী তুলিছে বিদ্যালয়ৰ অভিভাৱকসকলে।সংবাদ মাধ্যমৰ আগত অভিভাৱক সকলে কয় যে,’ভিক্টৰ দাস এজন সফল শিক্ষক।বিভিন্ন নতুন নতুন পদ্ধতিৰে শিক্ষাদান কৰিছিল।ভিক্টৰ দাসে শিক্ষাৰ্থীক বহুত মৰম কৰে।আমাৰ ল’ৰা -ছোৱালীক বহী, কলম কিনি দিয়ে ভিক্টৰ ছাৰে।’