ভিক্টৰ দাসৰ বিৰুদ্ধে গোচৰ ৰুজু
ৰঙিলী বাৰ্ত্তাসেৱা- যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে ভিক্টৰ দাস।এইবাৰ ভিক্টৰ দাসৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰিছে ৰাজ্যিক মহিলা আয়োগে। ভিক্টৰ দাসে এগৰাকী যুৱতীক প্ৰহাৰ কৰিছিল। সামাজিক মাধ্যমত ভাইৰেল হৈছিল ভিক্টৰ দাসে যুৱতীগৰাকীক প্ৰহাৰ কৰা ভিডিঅ’টো। তাৰপছতে ৰাজ্যিক মহিলা আয়োগে গোচৰ ৰুজু কৰে ভিক্টৰ দাসৰ বিৰুদ্ধে। তদন্ত আৰম্ভ কৰিবলৈ মহিলা থানালৈ পত্ৰ প্ৰেৰণ কৰে আয়োগে।আনফালে বৰ্তমানেও ভুক্তভোগী যুৱতীগৰাকীয়ে আৰক্ষীৰে যোগাযোগ কৰা নাই।
