ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ অগণতান্ত্ৰিক: অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তৰ প্ৰতিক্ৰিয়া

Pc The Janambhumi

ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ অগণতান্ত্ৰিক: অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তৰ প্ৰতিক্ৰিয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ ক্ষেত্ৰত একাংশই ধনৰ বিনিময়ত চাকৰিৰ জাল পেলোৱা বুলি কৰা অভিযোগৰ পাছত অভিযোগকাৰী ভিক্টৰ দাসৰ গ্ৰেপ্তাৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই। এক বিবৃতি যোগে দত্তই ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ গৰিহণা দি চৰকাৰে মানুহৰ মুখ বন্ধ কৰিবলৈ এনেধৰণৰ নীতি অৱলম্বন কৰা বুলি অভিযোগ উত্থাপন কৰে।ভিক্টৰ দাসে এটা অভিযোগ দিছে। আৰক্ষীয়ে সেই অভিযোগৰ তদন্ত কৰা উচিত আছিল। যদি সঁচাকৈ কোনোবা দুষ্ট চক্ৰই এই কাম কৰিছে তেওঁলোকক ধৰা পেলোৱাৰহে ব্যৱস্থা কৰা উচিত আছিল। এতিয়া কিবা অভিযোগ দিলেই যদি কাৰগাৰলৈ যাব লগা হয়, তেন্তে মানুহে কিবা দুৰ্নীতি দেখিলেও মুখ বন্ধ কৰি থাকিব। ইয়াৰ জৰিয়তে নিকা আৰু স্বচ্ছ প্ৰশাসন কেনেকৈ সম্ভৱ হ’ব? ভিক্টৰ দাসৰ অভিযোগত চৰকাৰখন ইমান শংকিত কিয় হৈছে? তেওঁতো কোনো অপৰাধ কৰা নাই। তেওঁ চৰকাৰকতো দোষাৰোপ কৰা নাই। অসৎ চক্ৰ এটা গা কৰি উঠি নিযুক্তি প্ৰক্ৰিয়াৰ স্বচ্ছতাত ব্যাঘাত জন্মোৱাৰ আশংকাহে প্ৰকাশ কৰিছে। চৰকাৰখনে সঁচাকৈ যদি নিকা নিযুক্তি প্ৰক্ৰিয়া কৰিব বিচাৰিছে, তেন্তে ভিক্টৰ দাসৰ তৎপৰতাক ভালহে পাব লাগিছিল,’ সভাপতি বন্দীপ দত্তই কয়৷দত্তই লগতে চৰকাৰখনক এনেধৰণৰ বাক স্বাধীনতা খৰ্ব কৰা কাৰ্য নকৰিবলৈ সকীয়নি প্ৰদান কৰে।