ভিক্টৰ দাসক কোচিং বা টিউচন কৰাৰ বাবে নিলম্বন কৰা হোৱা নাইঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

ভিক্টৰ দাসক কোচিং বা টিউচন কৰাৰ বাবে নিলম্বন কৰা হোৱা নাইঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

ৰঙিলী বাৰ্ত্তাসেৱা-  ভিক্টৰ দাসক নিলম্বন কৰাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে তেওঁক নিয়ম অনুসৰি নিলম্বন কৰা হৈছে। “নিয়ম অনুসৰি যদি কোনো ব্যক্তি ৪৮ ঘণ্টা আৰক্ষীৰ জিম্মাত থাকে, তেন্তে তেওঁক নিলম্বিত কৰা হয়।’’ তেওঁ লগতে কয়– ”ভিক্টৰ দাসে ৪৮ ঘণ্টা পুলিচৰ জিম্মাত থকাৰ পিছতেই এই জাননী দিয়া হৈছিল।” শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ”কোচিং বা টিউচন কৰাৰ বাবে ভিক্টৰ দাসক নিলম্বন কৰা হোৱা নাই। এয়া ভুল খবৰ।” উল্লেখ্য, পূব পানীটেমা ৰাধা কৃষ্ণ যুগল মিলন এল পি স্কুলৰ শিক্ষক ৰূপে কৰ্তব্যৰত আছিল ভিক্টৰ। প্ৰধান শিক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ নিৰ্দেশত নিলম্বন ভিক্টৰ দাসক।