লিমাৰিক
‘ভিক্টিম’ হোৱা জন অতিকে সৰল
মুজাম্মেল হ’ক,গুৱাহাটী
(১)
আজি নাথাকিলে যন্ত্ৰ সভ্যতা অচল
মৰমৰ মাজত ‘ষড়যন্ত্ৰ’ৰ ধল
সকলোৱে মিলি-জুলি
ৰঙ সলায় গধূলি
‘ভিক্টিম’ হোৱা জন হে অতিকে’ সৰল।
(২)
দেশ লৈ ভেশ ভিন্-ভিন্ হয় নিশ্চয়
সৎ পথেৰে টকা কিমান জমা হয়
শিক্ষিতৰ কূট বুদ্ধি
সেয়ে সমাজ অশুদ্ধি
‘ইতৰ’ৰ শাসনত দক্ষ লোক ক্ষয়।