ভাৱনা
ইভা গন্ধীয়া ফুকন
ভাবো কেতিয়াবা মই ভবাৰ দৰে হয় যদি ধৰণী
ইজনে সিজনক মৰম -স্নেহেৰে লয় যদি আঁকোৱালি
নাই হিংসা – কপট নাই বিদ্বেষ
নদ- নদী বৈ থাকিব চিৰন্তন গতিত
জিৰি জিৰি নিজৰা বব
নাথাকিব আৱৰ্জনা নাথাকিব গৰাখহনীয়া
নিৰ্মল জলধাৰা
দাপোন যেন স্ফটিক পানীত
মুখ চাই হ’ম আপোন পাহৰা
গছ- বিৰিখত সেউজ আভৰণ
সুখাতুৰ পক্ষীয়ে গীত জুৰিব
দেও দি নাচিব ফুটুকী পখিলা
বনৰ ৰজাই বনতে বিহাৰ কৰিব
হৰিণ- হৰিণীয়ে কোমল ঘাঁহ খাই
মনৰ কথা পাতিব
বিৰিখৰ ডাল ফল- ফুলে নধৰা হ’ব
পশু- পক্ষীকুলে উদৰ পুৰাই খাব
জন অৰণ্যলৈ অহাৰ নাই প্ৰয়োজন
আপোনত্ব হেৰায় কংক্ৰিটৰ জন অৰণ্যত
সেয়ে ভাবোঁ ——
নদীৰ পাৰত কুটিৰ সাজি
নিজৰাৰ জিৰি জিৰি শব্দত মন জুৰাই
জোন জ্বলা জোনাকত তৰাৰ সতে কৰিম মিতিৰালি
পশু -পক্ষীৰ লগত বাৰ্তালাপ কৰি
গাই যাম জীৱনৰ গীত।