ভাৱনাৰ ঢৌ
দিপ্তী মনি গোস্বামী, লখিমপুৰ
জোনাকে ধোৱা ফটফটিয়া উজ্বল আকাশখন
ম্লান পৰি যায়
এচমকা ডাৱৰৰ হস্তক্ষেপত।
পূৰ্ণিমাৰ ৰং খেলা ভাৱনাত
আউল লগে
আউসীবোৰ ওচৰ চাপিলে!
সাগৰৰ জোৱাৰ -ভাটা
আকাশত ডাৱৰ পানী-গছা
নিত্য নৈমিত্তিক চিৰ সত্য সংযোজন।
ফৰকাল আকাশে নিবিচৰা বতৰত
অনাকাংক্ষিত এজাক প্ৰৱল শিলাবৃষ্টিৰ আগমন,
সি কেতিয়াবা হ’ব পাৰে প্ৰলয়ৰো কাৰণ।
সেই প্ৰলয়ত সমাধি হ’ব পাৰে কিছু ভাৱনাৰ ঢৌ
স্তব্ধ হৈ পৰিব পাৰে কল্পনা বিলাসী অনুভূতিবোৰ
চিৰ দিন চিৰকাললৈ।