ভাৰ্চুৱেল শৈশৱ : অন্য এক আতংক
নিবেদিতা হাজৰিকা, লখিমপুৰ
বৰ্তমান যুগতো হ’ল তথ্য প্ৰযুক্তিৰ যুগ বা ডিজিটেল যুগ । ইয়াৰ অবিহনে যেন সকলো অচল। শিশু সকলো ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱা পৰিলক্ষিত হৈছে। ভাৰ্চুৱেল শৈশৱৰ আতংক বৰ্তমান সময়ৰ এক ডাঙৰ সমস্যালৈ পৰিণত হৈছে।ইয়াৰ নেতিবাচক প্ৰভাৱ চিন্তাজনক। আগৰ দৰে শিশু সকলে সমনীয়াৰ লগত খেলাৰ পৰিৱৰ্তে হাতত সেই নীৰৱ ঘাটক স্বৰূপ ম’বাইল ফোনটোৰ লগত চকুৰ টিপ নমৰাকৈ একাত্ম হৈ এখন অন্য জগত বিচৰণ কৰে, যিখন জগতৰ বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই।প্ৰাকৃতিক খেল-ধেমালিৰ পৰিৱৰ্তে ম’বাইল, ইণ্টাৰনেট তথা বিভিন্ন ৱেবছাইটৰ মাজত সময় অতিবাহিত কৰাটো আজিৰ সময়ৰ এটি পৰিচিত দৃশ্য।এই আসক্তিয়ে সন্তানক বহুত ক্ষতি কৰিছে।ভাৰ্চুৱেল পৃথিৱীৰ গ্ৰাসৰ পৰা শিশু, সন্তানক উলিয়াই আনিব পৰাটো অভিভাৱকৰ বাবে এক প্ৰত্যাহ্বান যদিও সঠিক ৰূপত নিৰ্দেশনা দিব পাৰিলে বা জানিলে শিশু সকলক নিশ্চয়কৈ এই আসক্তিৰ পৰা ৰক্ষা কৰিব পৰা যাব।সঠিক পথত শিশু সকলক পৰিচালনা কৰাৰ সময় আহি পৰিছে।শিশু সকলক সঠিক পথ নিৰ্দেশনা দিয়াৰ প্ৰয়োজন আৰু সময় আহি পৰিছে।এই ক্ষেত্ৰত শিশু সকলৰ অনলাইন একটিভিটি মনিটৰ কৰা উচিত। শিশু সকলক অনলাইন ছেফটিৰ বিষয়ে শিক্ষা দিয়া উচিত,শিকোৱা উচিত।শিশু সকলক সঠিক ভাবে পৰিচালনা নকৰিলে এক ভয়ানক সংকট নামি আহিব।শিশু সকলক ভাৰ্চুৱেল জগতৰ লোভনীয় প্ৰলোভনৰ পৰা ৰক্ষা কৰিবলৈ অভিভাৱক সকল তথা সমাজৰ অন্য লোক সকলো সজাগ-সচেতন হ’ব লাগিব।বৰ্তমান সময়ত শিশু সকলৰ ভাৰ্চুৱেল প্ৰীতি বা আগ্ৰহ এক আসক্তিলৈ পৰিণত হৈছে বুলি ক’ব পাৰি। যিয়ে শাৰীৰিক,মানসিক তথা মানসিক দিশত বিশেষ ভাবে প্ৰভাৱিত কৰা পৰিলক্ষিত হৈছে।সেয়ে সময় থাকোতেই ভাৰ্চুৱেল পৃথিৱী খনৰ পৰা শিশু সকলক উদ্ধাৰ কৰিবলৈ সকলোৱে যত্ন পৰ হোৱা উচিত। ভাৰ্চুৱেল পৃথিৱী ,বাস্তৱ পৃথিৱীৰ পৰা সম্পূৰ্ণ পৃথক। সেয়ে শৈশৱ কালত এই পৃথিৱীখনৰ পৰা আঁতৰাই নাৰাখিলে আমাৰ সম্পদ সমূহ কলিতেই মৰহি যাব।অভিভাৱকে হাজাৰ ব্যস্ততাৰ মাজতো সন্তানক সময় দিয়া উচিত।সন্তানক আজৰি সময় উলিয়াই অলপ প্ৰকৃতিৰ সান্নিধ্য দিবলৈ যত্ন কৰা উচিত।
শিশু সকলৰ শৈশৱ কালতো খেল-ধেমালি , প্ৰকৃতিৰ লগত, সমনীয়াৰ লগত অতিবাহিত হ’লে যি আনন্দ পোৱা যায় সেই আনন্দৰ পৰা আজিৰ শিশু সকলৰ যেন বহুতেই বঞ্চিত। ৰুটিনবদ্ধ জীৱনে শিশু সকলৰ শৈশৱৰ হাঁহি -ধেমালি সমূহটো কাঢ়ি নিয়াৰ দৰে হৈছেই, ইয়াৰ লগতে ভাৰ্চুৱেল জগতৰ ত্ৰাস। এই বিষয় সমূহ একেবাৰেই উলাই কৰা উচিত নহয়। সেয়ে অভিভাৱক সকল সতৰ্ক আৰু সচেতন হোৱাটো বৰ্তমান সময়ৰ এক বিশেষ আহ্বান।
